ডিজিটেল ডেস্কঃ অনাগত দিনসমূহত ভালকৈয়ে উজুটি খাব পাৰে ওলা আৰু উবেৰ টেক্সি সেৱাই। অনাদায়ী গাড়ীৰ ঋণৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱালৈ চাই নতুনকৈ ঋণ দিবলৈ অনিচ্ছুক হৈ পৰিছে দেশৰ বেংকসমূহ। নতুনকৈ ঋণ দিয়াৰ পৰিৱৰ্তে অনাদায় হৈ থকা ঋণ আদায়ৰ ক্ষেত্ৰতহে অধিক জোৰ দিছে বেংকসমূহে। ফলত মুখ-থেকেছা খাবলৈ বাধ্য হৈ পৰিছে ওলা আৰু উবেৰ।

বাংগালুৰুত ভাৰতীয় ষ্টেট বেংকে ওলা চালকসকলক যি ঋণ প্ৰদান কৰিছিল তাৰ এক পঞ্চমাংশই অনাদায় হৈ ৰৈছে। যিখন চহৰত এপ সংলগ্ন টেক্সি সেৱাৰ বৃহৎ বজাৰ আছে সেইখন চহৰতে এনে অৱস্থা হোৱাত এতিয়া আগতীয়াকৈ সতৰ্ক হৈ পৰিছে বেংকসমূহ। 

মুম্বাইস্থিত ভাৰতীয় ষ্টেট বেংকৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগৰ মুখ্য মহা প্ৰবন্ধক গোপাল কৃষ্ণ কানছালে জনোৱা মতে, 'বাংগালুৰুত অনাদায় হৈ থকা ঋণৰ পৰিমাণ ৬০ কোটিলৈ বৃদ্ধি পাইছে। সেয়ে ওলা আৰু উবেৰ চালকসকলক যোৱা ২-৩ মাহ ধৰি নতুনকৈ ঋণ দিয়াতো আমি বন্ধ কৰি দিছো। অৱশ্যে হায়দৰাবাদ আৰু চেন্নাইত নতুনকৈ ঋণ দিয়া হৈ আছে যদিও সেয়াও বন্ধ কৰাৰ কথা ভাবি থকা হৈছে। এই দুখন চহৰত অনাদায়ী ঋণৰ পৰিমাণ হৈছে ৭ শতাংশ।’’

ষ্টেট বেংকৰ দৰেকৈ ওলা আৰু উবেৰৰ বাবে নতুনকৈ ঋণ দিবলৈ সম্পূৰ্ণৰূপে অনিচ্ছুক হৈ পৰিছে আই চি আই চি আই বেংক, মহিন্দ্ৰা ফাইনেন্স আৰু টাটা মটৰছ ফাইনেন্সো। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈ কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত আছে ওলা আৰু উবেৰ কৰ্তৃপক্ষ।

ইফালে, চালকসকলে জনাইছে যে ওলা আৰু উবেৰৰ ভুল নীতিৰ ফলতে তেওঁলোক যথেষ্ট লোকচানৰ সন্মুখীন হৈছে যাৰ বাবে সময়মতে ঋণ পৰিশোধ কৰিব পৰা হোৱা নাই। এতিয়া যদিহে বেংকসমূহে নতুনকৈ ঋণ প্ৰদান নকৰে তেন্তে ওলা আৰু উবেৰে দেশৰ প্ৰতিখন চহৰকে সামৰি লোৱাৰ যি পৰিকল্পনা কৰিছিল সেয়া হৈ নুঠাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

একেদৰে লোকচানৰ সন্মুখীন হৈ চালকসকলেও বিকল্পৰ সন্ধান কৰিবলৈ লোৱাত দেশৰ ভিন্ন প্ৰান্তত ওলা আৰু উবেৰ সেৱাত বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। এনে পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠান দুটাই ভাৰতৰ বজাৰত মুখ-থেকেছা খাবলৈ বাধ্য হৈ পৰিব বুলি মন্তব্য কৰিছে বজাৰ বিশেষজ্ঞসকলে।