ডিজিটেল ডেস্কঃ অনাগত দিনসমূহত ভালকৈয়ে উজুটি খাব পাৰে ওলা আৰু উবেৰ টেক্সি সেৱাই। অনাদায়ী গাড়ীৰ ঋণৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱালৈ চাই নতুনকৈ ঋণ দিবলৈ অনিচ্ছুক হৈ পৰিছে দেশৰ বেংকসমূহ। নতুনকৈ ঋণ দিয়াৰ পৰিৱৰ্তে অনাদায় হৈ থকা ঋণ আদায়ৰ ক্ষেত্ৰতহে অধিক জোৰ দিছে বেংকসমূহে। ফলত মুখ-থেকেছা খাবলৈ বাধ্য হৈ পৰিছে ওলা আৰু উবেৰ।
বাংগালুৰুত ভাৰতীয় ষ্টেট বেংকে ওলা চালকসকলক যি ঋণ প্ৰদান কৰিছিল তাৰ এক পঞ্চমাংশই অনাদায় হৈ ৰৈছে। যিখন চহৰত এপ সংলগ্ন টেক্সি সেৱাৰ বৃহৎ বজাৰ আছে সেইখন চহৰতে এনে অৱস্থা হোৱাত এতিয়া আগতীয়াকৈ সতৰ্ক হৈ পৰিছে বেংকসমূহ।