শিৱসাগৰঃ ভয়-ভাবুকি দি সাংবাদিকৰ মুখ বন্ধ কৰিব খোজাটো নতুন কথা নহয়৷ ইয়াৰ মাজতে আজি শিৱসাগৰ জিলাৰ শিৱসাগৰ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যালয়ত খবৰ সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী সাংবাদিকক ভাবুকি প্ৰদান কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

দিনৰ পিছত দিন ধৰি সংমণ্ডলটোত একাংশ বিষয়া-কৰ্মচাৰীয়ে কৰ্তব্যত গাফিলতি কৰাৰ কথা ৰাইজৰ মুখে মুখে আলোচনা হৈ থকাৰ পিছত আজি নিউজ নেক্সট ৱানৰ এগৰাকী সাংবাদিকে দিনৰ এক বজাত কাৰ্যালয়টোত উপস্থিত হয়৷ কাৰ্যালয়টোত উপস্থিত হৈ ৮০ শতাংশ অভিযন্তা-কৰ্মচাৰীকে অনুপস্থিত থকা প্ৰত্যক্ষ কৰে৷

সাংবাদিকগৰাকী কাৰ্যালয়টোত উপস্থিত হোৱাৰ লগে লগে একপ্ৰকাৰ হুৱাদুৱা লাগে৷ সাংবাদিকগৰাকীক নানা প্ৰশ্ন কৰাৰ লগতে অশ্লীল ভাষাৰে গালি-গালাজ কৰাই নহয়, আৰক্ষীৰো ভয় দেখুৱায়৷

জানিব পৰা মতে, সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা প্ৰবীণ গগৈ প্ৰায় ছমাহ পূৰ্বে শিৱসাগৰলৈ বদলি হৈ আহে যদিও এন আৰ চিৰ কামত ব্যস্ত থকাত তেওঁ মাহত দহ দিনমানহে কাৰ্যালয়ত উপস্থিত থাকে৷ নিজৰ বিভাগৰ দায়িত্ব কাৰিকৰী উপদেষ্টা বিজিত বৰুৱাক দিয়ে যদিও বৰুৱাই কামত গাফিলতি কৰাৰ লগতে কাৰ্যালয়ত মাজে-সময়েহে উপস্থিত থাকে।

এই বিষয়ে জানিবলৈ বিচৰাৰ লগে লগে জোলফিক হুছেইন আৰু জাহিদ উল্লা নামৰ কৰ্মচাৰী দুজনে খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকজনক চোঁচামাৰি খেদি অহাত কথমপিহে সাংবাদিকজনে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়৷