গুৱাহাটীঃ সদা কৰ্মব্যস্ত সাংবাদিক-সংবাদকৰ্মীসকলক ৰঙালী বিহুৰ সময়ছোৱাত সকলোকে একেলগে লগ পোৱাৰ আৰু ৰঙালীৰ ৰং ধেমালি কৰাৰ মানসেৰে আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ শান্তি উদ্যানত সাংবাদিকৰ মুকলি বিহু উদযাপন কৰা হয়৷

হেপাহৰ ৰঙালী বিহু বুলি এটা দিন সকলোৱে একলগে বিহুৰ জলপান খোৱা আৰু বিহুৰ আনন্দ ভগাই লোৱাৰ হেপাহেৰে ‘সমন্বয়’ সাংবাদিকৰ একত্ৰ সংগঠনে আয়োজন কৰা এই মুকলি বিহুত অসমৰ আটাইকেইটা সংবাদ মাধ্যমৰ সংবাদিকসকল উপস্থিত থাকে৷ ঢোল, পেপা, গগনাৰ মাতেৰে মূখৰিত হৈ পৰে দীঘলীপুখুৰী পাৰ৷

সদা ব্যস্ত কৰ্ম জীৱনৰ পৰা আতৰি অসমীয়াৰ বাপতি সাহোন বিহুটিত এপাক নাচিম বুলি পৰম্পৰাগত সাজ-পাৰেৰে ওলাই আহে যুৱতী সংবাদিকসকল৷ ঢোলৰ চেৱে চেৱে যুৱতী সাংবাদিকসকলে ককাল ভাঙি নচাৰ লগতে তেওঁলোকৰ লগত সংগ দিয়ে প্ৰাক্তন মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে৷

অসমৰ জ্যেষ্ঠ সাংবাদিকসকলৰ লগতে ন-সাংবাদিকসকলে মন খুলি বিহুৰ আনন্দ উপভোগ কৰে৷ বিগত বছৰসমূহৰ দৰে এইবেলিও সাংবাদিকৰ বিহুত অংশ গ্ৰহণ কৰে জেংবিহু আৰু হুঁচৰি বিহুৰ দলে৷ সাংবাদিকৰ সৈতে বিহুৰ আনন্দ লবলৈ উদযাপনস্থলীত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিজেপিৰ ৰাজ্যিক কোষাধক্ষ্য ৰাজকুমাৰ শৰ্মা, অসমৰ পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বুজৰবৰুৱা আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি৷