newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ পৰাস্ত কৰিবলৈ বিৰোধীয়ে নতুন নতুন নিৰ্বাচনী কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ সমগ্ৰ দেশত বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে একজোঁট বান্ধি থিয় দিছে৷ আনহাতে বিৰোধীৰ মাজত মিত্ৰতা সম্পৰ্কেও বিভিন্ন মত আলোচনা চলি থকা প্ৰত্যক্ষ হৈছে৷ 

কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে মধ্য প্ৰদেশত মিত্ৰতা স্থাপনৰ বাবে তেওঁৰ দলৰ দুৱাৰ খোলাৰ আছে আৰু মিত্ৰজোঁটৰ পিছত আসনৰ ভাগকৰণক লৈও কোনো সমস্যাৰ সৃষ্টি নহ’ব৷ ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু বিএছপি মিত্ৰতা সম্বন্ধে চলা আলোচনাৰ পিছতে এই মন্তব্য কৰে নেতাগৰাকীয়ে৷

সিন্ধিয়া মধ্য প্ৰদেশত এই বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ প্ৰধান হিচাপে নিয়োজিত আছে৷ আনহাতে ৰাজ্যখনত শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে দীৰ্ঘ সময়ৰ পিছত বিৰোধী একত্ৰিত হোৱা বুলিও দাবী কৰে সিন্ধিয়াই৷

সংবাদ মাধ্যমৰ সৈতো হোৱা সাক্ষাতকাৰত মধ্যপ্ৰদেশত বিএছপিৰ সৈতে কংগ্ৰেছৰ সম্ভাৱনাপূৰ্ণ মিত্ৰজোঁট সম্পৰ্কত তেওঁ কয় যে মিত্ৰতাৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে আৰু আলোচনাৰ বাবে কংগ্ৰেছ সদায় ৰাজী আছে৷ কিন্তু শেষ লক্ষ্য কি, সেয়া নিশ্চিত ব’ব লাগিব৷ 

সিন্ধিয়াই কয়, ‘যদি ৰাজ্যখনৰ জনতাক সেৱা কৰিব পৰা এখন চৰকাৰ গঠনৰ লক্ষ্য স্থিৰ কৰা হয়, তেন্তে সহযোগী দল সমূহ মজবুত হোৱাটো বাঞ্চনীয়৷ মিত্ৰতা গঠন কৰি মিত্ৰজোঁটৰ সহযোগী দল সমূহক সমান সন্মান জনালে আৰু গুৰুত্ব প্ৰদান কৰিলে চৰকাৰৰ স্থিতি দৃঢ় হ’ব৷’