চেন্নাইঃ ২০১৯ ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত কমল হাছানৰ দল মাক্কাল নিধি মাইয়াম (এম এন এম) দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ অভিনয় জগতৰপৰা ৰাজনীতিৰ ক্ষেত্ৰলৈ খোজ দিয়া জনপ্ৰিয় অভিনেতাজনে পোন প্ৰথমবাৰৰ বাবে এই কথা প্ৰকাশ কৰে৷

দলৰ কাৰ্যকৰী সমিতিৰ এখন সভাৰ পাছত শনিবাৰে চেন্নাইত কমল হাছানে এই কথা প্ৰকাশ কৰি লগতে কয় যে সমভাবাসম্পন্ন দলৰ সৈতে এম এন এমে মিত্ৰতা কৰিবলৈ সাজু আছে৷ 

দলে ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি কৰিবলৈ এখন সমিতি গঠন কৰিছে বুলিও তেওঁ জনিবলৈ দিয়ে৷ তেৱোঁ এই নিৰ্বাচনৰ এজন প্ৰাৰ্থী হ’ব৷ তামিলনাডুৰ ডি এন এ সলনি কৰিব পৰা কোনো দলৰ সৈতে তেওঁৰ দলে হাত নিমিলায় বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে, কমল হাছানে যোৱা ফ্ৰেব্ৰুৱাৰীত এম এন এম দলটো গঠন কৰিছিল৷ দলৰ পঞ্জীয়ণৰ বাবে যোৱা জুনত দিল্লীলৈ অহাৰ সময়ত তেওঁ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী সাক্ষাৎ কৰিছিল৷ পূৰ্বৰ এক বিজ্ঞপ্তিত বি জে পিক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷ এনে এক প্ৰেক্ষাপটত এম এন এম দলে কংগ্ৰেছৰ লগতে মিত্ৰতা স্থাপন কৰিব বুলি ৰাজনৈতিক মহলত বুবু বাবা চলিছে৷