newsnextone.com | গুৱাহাটীঃ নামী-দামী ব্যক্তিগত শিক্ষানুষ্ঠাৰে ভৰি পৰা গুৱাহাটী মহানগৰীত পূৰ্বৰ দৰে নাই শিক্ষানুষ্ঠানত পৰীক্ষাৰ ফলাফল৷ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ইয়াকে প্ৰমাণ কৰে৷ ৰাজধানী মহানগৰীয়ে পূৰ্বৰ ধাৰা অটুট ৰাখিব পৰা নাই যদিও এখন শিক্ষানুষ্ঠানে মান ৰাখে গুৱাহাটী নহানগৰীৰ৷ 
আভিজাত্যৰ ভেমত ব্ৰতি হৈ পৰা মহানগাৰীক যেন গাঁৱৰ বোকা পানীয়ে প্ৰত্যাহ্বানহে জনাইছে৷

আভিজাত্যৰ ভেম তচনচ কৰি অখ্যাত গাঁও, মফচলীয়া চহৰৰ দৰিদ্ৰ, খাটিখোৱা, মধ্যবিত্তৰ সন্তানে উজলি উঠিছে প্ৰতিটো পৰীক্ষাত৷ যোৱা কেইবাটাও বছৰৰ দৰে এইবেলিও গাঁৱৰ মেধাই জিলিকি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ব্যক্তিগত বিদ্যালয়েৰে ভৰি থকা মহানগৰীৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰে যদিও এয়া সন্তোষ জনক নহয় বুলি কয় একাংশ সচতন অভিভাৱকে৷ 

সমগ্ৰ কামৰূপ মহানগৰ জিলাতে ফলাফল সন্তোষজনক নহয়৷ ব্যক্তিগত বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ মাজত চলা যুঁজত শিক্ষা দানতকৈ নামভৰ্তিক লৈহে বেছি গুৰুত্ব প্ৰদান কৰে বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱকে৷

কোনগৰাকী অভিভাৱকে কোন নাম থকা বিদ্যালয়ত নিজৰ সন্তানক পঢ়াব তাকলৈ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে৷ বিদ্যালয় কৰ্তৃপক্ষই শিক্ষা দানতকৈ গ্লেমাৰ দেখুৱাবলৈহে চেষ্টা কৰা দেখা যায়৷ যোৱা বেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহানগৰীত এগৰাকী শিক্ষাৰ্থীয়েও স্থান দখল কৰিব পৰা নাছিল যদিও এই বেলি চাৰিগৰাকীয়ে প্ৰথম স্থান দখল কৰিছে যদিও এয়া সন্তোষজনক নহয় বুলি কয় একাংশ লোকে৷

সকলো বিষয়ত টিউচন থকাৰ লগতে সকলো সা-সুবিধা থকাৰ পিছতো মহানগৰীৰ শিক্ষাৰ্থীয়ে স্থান লাভ নকৰা আৰু কম শিক্ষাৰ্থীয়ে স্থান লাভ কৰা বিষয়টোৱে  ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ ফোপোলা স্বৰূপ উদঙাই দিছে বুলি মন্তব্য কৰি কয় যে সমগ্ৰ মহানগৰীতে আচলতে শিক্ষাৰ নামত ব্যৱসায়হে চলিছে। মুঠৰ ওপৰত মহানগৰীক পিছ পেলাই আগবাঢ়িছে বোকা-পানীৰ গাঁও।

তাৰ মাজতে শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কামৰূপ মেট্ৰ জিলাৰ সুদৰ্শন পাব্লিক স্কুলৰ আৰভি চলিহাই তৃতীয় স্থান দখল কৰে৷ আটাইকেইটা বিষয়ত লেটাৰ সহ ৫৯১ লাভ কৰি তৃতীয় স্থান দখল কৰে আৰভিয়ে৷ কামৰূপ গ্ৰাম্য জিলাৰ সূদৰ্শন পাব্লিক হাইস্কুলৰ বিপানঞ্চ ডেকাই অষ্টম স্থান লাভ কৰিছে৷ আটাইকেইটা বিষয়ত লেটাৰ লাভ কৰি ৫৮৬ কৈ এই স্থান দখল কৰিছে বিপানঞ্চ ডেকাই৷

কামৰূপ গ্ৰাম্য জিলাৰ সুদৰ্শন পাব্লিক হাইস্কুলৰ বি জেনিথ কাশ্যপে নৱম স্থান লাভ কৰে৷ আটাইকেইটা বিষয়ত লেটাৰ সহ ৫৮৫ নম্বৰ লাভ কৰি এই স্থান দখল কৰে৷  চেইণ্ট মেৰী হাইস্কুলৰ শ্বেৰমন কাইচাৰে নৱম স্থান লাভ কৰে৷ আটাইকেইটা বিষয়ত লেটাৰ সহ ৫৮৫ নম্বৰ লাভ কৰি এই স্থান দখল কৰে কাইচাৰে৷