newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান সভাৰ এটি সমষ্টিত অনুষ্ঠিত উপ-নিৰ্বাচনত কংগ্ৰেছ দলে জয়ী হয়৷ কংগ্ৰেছৰ প্ৰাৰ্থী সৌম্য ৰেড্ডী জয়ী হোৱাৰ বিপৰীতে বিজেপিৰ প্ৰভাৱশালী প্ৰাৰ্থী বিএন প্ৰহ্লাদে পৰাজয়বৰণ কৰে৷

পূৰ্বে ৭৯ খন আসন আছিল কংগ্ৰেছে আসন৷ এই খন আসন লাভ কৰাৰ পিছত ৮০ খন আসন হ’ল কংগ্ৰেছৰ৷ যোৱা ১১ জুনত কৰ্ণাটকৰ জয়নগৰ বিধানসভা সমষ্টিৰ হোৱা উপ-নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল৷ বুধবাৰে পুৱাৰে পৰা ভোট গণনা অনুষ্ঠিত হয়৷ বাংগালুৰুৰ জয়নগৰ বিধানসভা সমষ্টি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি ৰূপে জনা যায়৷ 

কংগ্ৰেছে ৩৭৭৫ ভোটৰ ব্যৱধানত জয়ী হয়৷ কংগ্ৰেছে ৫৪,৪৫৭টা ভোট লাভ কৰাৰ লগতে বিজেপিয়ে লাভ কৰে ৫১,৫৬৮টা ভোট লাভ কৰে৷ ৫৫ শতাংশ ভোটদান সাব্যস্ত হৈছিল৷

উল্লেখ্য যে, বিজেপিৰ নেতা নেতা প্ৰাৰ্থী বিএন বিজয়কুমাৰৰ বিয়োগৰ পিছত এই আসনখন খালী হৈ আছিল৷ কংগ্ৰেছ আৰু বিজেপিৰ মাজত যুঁজ খন হৈছিল৷

সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰয়াত বিএন বিজয়কুমাৰৰ ভাতৃ বিএন প্ৰহ্লাদক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল বিজেপিয়ে৷ আনফালে কংগ্ৰেছে প্ৰাক্তন গৃহ মন্ত্ৰী ৰামলিংগাৰ কন্যা সৌম্যা ৰেড্ডীক প্ৰাৰ্থীত্ব প্ৰদান কৰে৷

ইয়াৰ পূৰ্বে জেডিএছে জয়নগৰ বিধানসভা সমষ্টিত প্ৰাৰ্থী থিয় নকৰোৱাৰ সিদ্ধান্ত লয়৷ কৰ্ণাটকত জেডিএছ কংগ্ৰেছে মিত্ৰজোঁটৰ চৰকাৰ চলাই থকাৰ ফলতেই সহযোগী দল কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইছিল জেডিএছে৷ জেডিএছ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এছডি দেৱগৌড়াই দলৰ প্ৰাৰ্থী কালেগৌড়াক মনোনয়ন বাতিল কৰিবলৈ নিৰ্দেশ দিছিল৷

উল্লেখ্য যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন ১২ মে’ত সম্পন্ন হৈছিল৷ কিন্তু বিজেপি প্ৰাৰ্থী বিএন বিজয়কুমাৰৰ দেহাৱসানৰ বাবে বিজয়নগৰ সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হৈছিল৷