ডিফুঃ দ্বাদশ কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে৷ পশ্চিম কাৰ্বি আংলঙৰ ২৫২টা, পূৱ কাৰ্বি আংলঙ জিলাৰ ডিফু হাওৰাঘাট আৰু বোকাজানৰ ৫৬১টা সহ মুঠ ৮১৩টা ভোট কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কৰ্মীৰ দল ইতিমধ্যে ৰাওনা হৈছে৷ আজি পুৱাৰ ভাগৰ পৰা কিনকিনিয়া বৰষুণ দি থকাৰ মাজতে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দূৰ্গম এলেকালৈ নিৰ্বাচনী বিষয়া-কৰ্মীক পঠোৱাত সহায় কৰিছে জিলা প্ৰশাসনে৷

এইবাৰ নিৰ্বাচনত জিলা প্ৰশাসনে ১৬১ ভোট কেন্দ্ৰক স্পৰ্শ কাতৰ ২৪৮টাক তুলনামূলক স্পৰ্শ কাতৰ আৰু ১৫৪টাক অতি স্পৰ্শ কাতৰ বুলি চিনাক্ত কৰাৰ লগতে পশ্চিম কাৰ্বি আংলঙতো স্পৰ্শ কাতৰ ১০৭টা, তুলনামূলক স্পৰ্শ কাতৰ ৬৪টা আৰু অতি স্পৰ্শকাতৰ ৮৪টা ভোট কেন্দ্ৰ চিনাক্ত কৰে৷ আনহাতে পশ্চিম কাৰ্বি আংলঙত ১,৮৩,১৬৮ মুঠ ভোটাৰৰ বিপৰিতে পুৰুষ ৯৪,৭১৮ জন আৰু ৮৮,৪৫০ গৰাকী মহিলা৷ পূৱ কাৰ্বি আংলঙতো ৪,১৪,৪৬০ মুঠ ভোটাৰৰ ২,১২,০৮৩ জন পুৰুষৰ বিপৰীতে ২,০২,৩৭৭ গৰাকী মহিলাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব৷

এইবাৰ নিৰ্বাচনত গেৰুৱা দল বিজেপি, এইছএছডিচি আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত ত্ৰিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনাই অধিক৷ নিৰ্দলীয় প্ৰাৰ্থীয়ে ৰাজনৈতিক অংকত আউল লগোৱাৰ সম্ভাৱনা আছে যদিও ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি গেৰুৱা দলৰ কেইবা গৰাকী শীৰ্ষ নেতাই পিছপৰা পাহাৰীয়া জিলাখনৰ উন্নতিৰ বাবে কেতবোৰ আঁচনি ঘোষণা কৰাত ভোটাৰ আকৰ্ষিত হৈছে নে নাই সেয়া ভোটগণনাতহে ওলাই পৰিব৷

বিগত ১৫ বছৰে কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সীমাহীন দুৰ্নীতিৰ অভিযোগ আছে যদিও একাংশ নেতা বিজেপিলৈ গমন কৰাত ভোটাৰে বিবেক ভোট দান কৰাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে৷ আনহাতে এইছ ডিচিৰ প্ৰচাৰ অভিযান মুকলিকৈ প্ৰকাশ নাপালেও ভিতৰি ভিতৰি প্ৰচাৰেও নিৰ্বাচনত নিৰ্ণায়ক ভূমিকাৰ কথাও চৰ্চাৰ বিষয় হৈ পৰিছে৷ জিলা আৰক্ষীকৰ পৰা জানিব পোৱা মতে ভোট কেন্দ্ৰসমূহত পৰ্যাপ্ত পৰিমাণৰ সেনা-অৰ্দ্ধ সামৰিক বাহিনী আৰু আৰক্ষী মোতায়ন কৰা হৈছে৷