newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰৰ পুৱাৰে পৰা অনুষ্ঠিত কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ ৭০ শতাংশ শতাংশ ভোটদান কৰে জনগণে৷ পুৱাৰে ভোট কৰিবলৈ ভোট দান কৰিবলৈ ওলাই আহি জনগণে ৰেকৰ্ড গঢ়ে৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱাৰে পৰা অনুষ্ঠিত ভোটদানত লানি নিছিগা সোঁত বয় ৰাইজৰ৷ দিনৰ ৫ বজালৈ কৰ্ণাটকত ৬১ শতাংশ ভোট দান সাব্যস্ত কৰি এক নতুন ইতিহাস ৰচিলে ভোটাৰে৷ 

তাৰ পিছকে সৰ্বমুঠ ৭০ শতাংশ ভোটদানেৰে সামৰণি পৰে ভোটদান প্ৰক্ৰিয়াৰ৷ শনিবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২টা সমষ্টিত ভোট দান অনুষ্ঠিত হৈছিল৷ ভোটদান সমাপ্ত হোৱাৰ পাছতে ৰাজনৈতিক বিশ্লেষকে অনুমান কৰা মতে কংগ্ৰেছ ডাঙৰ পাৰ্টি হৈ ওলাই অহাৰ লগতে জেডিএছ কিং মেকাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে৷ 

নিউজ চেনেলৰ চাৰ্ভে মতে, কৰ্ণাটকত সকলোতকৈ ডাঙৰ দল কংগ্ৰেছ হ’বলৈ গৈ আছে৷ ইণ্ডিয়া টুডেৰ এগজিট প’ল মতে, কংগ্ৰেছে ১০৬-১০৮ খন আসন লাভ কৰিব পাৰে৷ বিজেপিয়ে ৭৯-৯২ খন আসন লাভ কৰিব পাৰে৷ জেডিএছে ২-৩০ থন আসন লাভ কৰিব৷ আনহাতে টাইমছ নাৱৰ মতে, কংগ্ৰেছে ৯০-১০৩, বিজেপি ৮০-৯০, জেডিএছে ৩১-৩৯ খন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে৷ ৰিপাব্লিক টিভিৰ মতে, কংগ্ৰেছে ৭৩-৮২, বিজেপি ৯৫-১১৪, জেডিএছে ৩২-৪৩ খন লাভ কৰাৰ সম্ভৱনা আছে৷

যোৱা প্ৰায় ২ মাহ তীব্ৰ প্ৰচাৰৰ অন্তত শনিবাৰৰ পুৱাৰে পৰা ভোটদান আৰম্ভ হৈছে৷ পুৱাই ঘৰৰ পৰা মানুহ ওলাই অহা পৰিলক্ষিত হৈছে আৰু ভোটদান কৰাৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হয়৷ 

কৰ্ণাটকত ৪.৯৮ কোটি ভোটদাতা আছে৷ ইয়াৰে পুৰুষ হৈছে ২.৫২ কোটি, ২.৪৪ কোটি মহিলা আৰু ৪৫৫২ ট্ৰান্সজেণ্ডাৰ৷ কৰ্ণাটকত ৫৫৬০০ ভোট কেন্দ্ৰ আছে৷ স্পৰ্শকাতৰ ভোট কেন্দ্ৰও আছে৷ যাৰ ফলত ৩.৫ লাখ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে নিৰ্বাচন আয়োগে৷ ১৯৮৫ চনৰ পিছত কৰ্ণাটকত দ্বিতীয় বাৰ একেৰাহে কোনো দলৰ চৰকাৰ শাসনলৈ অহা নাই৷ কংগ্ৰেছ পঞ্জাৱৰ পিছত দ্বিতীয় খন ডাঙৰ ৰাজ্য শাসন কৰি আছিল৷ 

বিজেপি কৰ্মাটক দশৰ কৰিব বুলি দাবী কৰাৰ লগতে কংগ্ৰেছ পুনৰ শাসনলৈ আহিব বুলি বিশ্বাস কৰি কৈ আহিছে৷ মুখ্যমন্ত্ৰী চিদ্দাৰামায়াই দাবী কৰি আহিছে বিপুল ভোটত কংগ্ৰেছে পুনৰ শাসনলৈ আহিব৷ ৰাজ্য খনত ২২৪টা বিধান সভা সমষ্টি আছে যদিও ২২২টা সমষ্টিতহে ভোটদান অনুষ্ঠিত হৈছে৷ এগৰাকী বিজেপি প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ৰাজা নাগেশ্বৰী নগৰ সমষ্টিত নিৰ্বাচনৰ বিধি উলংঘা কৰাৰ অভিযোগত নিৰ্বাচন স্থগিত ৰাখে৷ ১৫ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।