ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ ২টা দিন বাকী৷ কৰ্ণাটকত শাসকীয় চৰকাৰখনৰ পতন ঘটাই নতুন চৰকাৰ গঠন কৰিবলৈ উঠি পৰি লাগিছে বিজেপি৷ ইফালে পিছ পৰি ৰোৱা নাই শাসকীয় কংগ্ৰেছেও৷ ৰাজ্যখনৰ অধিক উন্নয়নৰ আশ্বাস দি কংগ্ৰেৰ নেতৃবৰ্গইও চলাইছে নিৰ্বাচনী প্ৰচাৰ৷
ৰাজ্যখনত বিজেপিৰ হৈ কেন্দ্ৰীয় অধ্যক্ষ অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈছে৷ আনহাতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু দলৰ শীৰ্ষ নেতাইও ৰাজ্যখনৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷
ৰাজ্যখনত অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰতিহীন ভাৱে কেইবাখনো নিৰ্বাচনী জনসভাত অংশ লৈছে৷ বুধবাৰে নৰেন্দ্ৰ মোডীয়ে কৰ্ণাটকত ৪খন নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ মোডীয়ে বংগাৰপেট, চিকমংহলুৰ, বেলগাৱী আৰু বীদৰৰ নিৰ্বাচনী জনসভাত অংশ লৈ ভোটাৰসকলৰ সম্বোধন কৰিব৷
প্ৰধআনমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১ মে’ৰ পৰা ‘মিছন কৰ্ণাটক’ৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল৷ মঙলবাৰলৈকে তেওঁ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ১৭ খন নিৰ্বাচনী সভাত অংশ লৈছে৷
আনহাতে ৰাজ্যখনত বিজেপিক জয়যুক্ত কৰিবলৈ বিজেপি অধ্যক্ষ অমিত শ্বাহেও পূৰ্ণ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে৷ বুধবাৰে অমিত শ্বাহে ৰাজ্যখনত ৫ খন পথ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব৷ ইয়াৰ উপৰিও তেওঁ এখন নিৰ্বাচনী জনসভাত উপস্থিত থাকি ভোটাৰসকলৰ সম্বোধন কৰিব৷
কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠান বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত অন্ত পৰিব৷ ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনে ৰাজ্যখনৰ ২২৪ প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব৷