ANI

newsnextone.com | ডিজিটেল ডেস্কঃ জেডিএছৰ মুৰব্বী এইচ ডি কুমাৰস্বামীয়ে বুধবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব৷ ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠানত কৰ্ণাটকৰ জনসাধাৰণ সমবেত হ’বলৈ আৰম্ভ কৰিছে৷ বিধান সভাৰ ভৱনৰ সন্মুখৰ পথাৰত দেশৰ বিৰোধী দলৰ প্ৰায় কুৰিগৰাকী নেতা-নেত্ৰীৰ সন্মুখত শপত ল’ব কুমাৰস্বামীয়ে৷  

কংগ্ৰেছক সভাপতি ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধী ইতিমধ্যে বাংগালুৰুত উপস্থিত হৈছে৷ তদুপৰি দেশৰ ৬ গৰাকী বিৰোধী মুখ্যমন্ত্ৰী আৰু কেইবাগৰাকীও জ্যেষ্ঠ নেতা শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে বাংগালুৰুত উপস্থিত৷ কুমাৰস্বামীৰ পিতৃ তথা প্ৰাক্তন প্রধানমন্ত্ৰী এছডি দেৱগৌৰাও পত্নীসহ বিধানসভাত উপস্থিত হয়৷ 

কুমাৰস্বামীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে বিধানসভাৰ মজিয়াত তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জী, বিএছপিৰ মুৰব্বী কুমাৰী মায়াৱতী, আৰজেডি নেতা লালু পুত্ৰ তেজস্বী যাদৱ, অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু, আম আদমি পাৰ্টিৰ নেতা, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, এছপি নেতা অখিলে সিং যাদৱক দেখিবলৈ পোৱা যায়৷