newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব৷ ছোনীয়া গান্ধীৰ নিৰ্দেশত ইতিমধ্যে গোলাম নবী আজাদ, অশোক গেইলট, মল্লিকাৰ্জুন খাৰ্গেয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আৱাসত বিশেষ বৈঠত অনুষ্ঠিত কৰিছে৷ বৈঠত সমাপ্ত হোৱাৰ পিছতে মুখ্যন্ত্ৰী সিদ্দাৰামায়াই ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি খবৰ আহিছে৷ ৰাজনৈতিক ঘটনাক্ৰম সলনি হোৱাৰ লগে লগে কংগ্ৰেছে জেডিএছক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে৷ গোলাম নবী আজাদে খোদ এই কথা ঘোষণা কৰে৷
কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৯৪ খন আসনত জয়ী হৈছে আনহাতে ১০ খন আসনত আগবাঢ়ি আছে৷ কংগ্ৰেছে এতিয়া লৈ ৬৯ খন আসনত জয়ী হোৱাৰ লগতে ৯ খন আসনত আগবাঢ়ি আছে৷ জেডিএছে ২৮ খন আসনত জয়ী হোৱাৰ লগতে ১০ খন আসনত আগবাঢ়ি আছে৷
পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে বিজেপি আগবাঢ়িছে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা ক্ষীণ দেখা গৈছে৷ কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰা পিছ পৰি ৰ’ব বুলি অনুমান কৰা হৈছে৷ ফলত জিডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া খাটাং৷
পূৰ্বে অনুমান কৰি অনুসৰিয়ে জেডিএছে কৰ্ণাটকৰ কিং মেকাৰ হৈ পৰিব৷ ফলত জিডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া খাতাং৷ পূৰ্বে অনুমান কৰি অনুসৰিয়ে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে কৰ্ণাটকত৷ মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২ সমষ্টিৰ গণনা অনুষ্ঠিত হৈছে৷
প্ৰতিটো দলেই সংখ্যালঘু হ’ব সেয়া খাটাং৷ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে কোনেও৷ জল্পনা-কল্পনা চলি থকাৰ সময়তে, ছোনীয়া গান্ধীয়ে এইচ ডি দেৱগৌড়াৰ সৈতে ফোনত কথা পাতে বুলি খবৰ আহিছে৷ জেডিএছক মুখ্যমন্ত্ৰী পদৰ অফাৰ কৰিছিল ছোনীয়াই৷ এই প্ৰস্তাৱ জেডিএছে গ্ৰহণ কৰা বুলি খবৰ আহিছে৷ দুয়োটা দলে লগ লাগি চৰকাৰ গঠন কৰিব বুলি খবৰ প্ৰকাশ হৈছে৷