newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত চৰকাৰ গঠনৰ পূৰ্বে কংগ্ৰেছৰ কেইবাগৰাকী নেতাই সাক্ষাত কৰিব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী আৰু প্ৰাক্তন অধ্যক্ষ ছোনীয়া গান্ধীৰ৷ এই সাক্ষাতত কৰ্ণাটকৰ চৰকাৰ গঠনৰ লগতে জেডিএছৰ সৈতে কংগ্ৰেছৰ মিত্ৰজোট সন্দৰ্ভত গুলুক্বপূৰ্ণ আলোচনা চলিব৷
প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ জী পৰমেশ্বৰে বেংগালুৰুত কয় কংগ্ৰেছৰ চিএলপি নেতা আৰু প্ৰাক্তন মূখ্যমন্ত্ৰী সিদ্ধাৰামায়া, জী পৰমেশ্বৰ আৰু ডি কে শিৱকুমাৰে সোমবাৰে দিল্লীলৈ ৰাওনা হ’ব আৰু ৰাজ্যখনৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া সন্দৰ্ভত দলৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু প্ৰাক্তন অধ্যক্ষ ছোনীয়া গান্ধীৰ সৈতে আলোচনাত মিলিত হ’ব৷
আনহাতে মিত্ৰজোট সহযোগী দল জেডিএছৰ সতে মন্ত্ৰীত্ব ভাগ কৰি লোৱা সন্দৰ্ভত তেওঁ কয়, ‘আলোচনা কৰা পৰ্যন্ত সকলো অনুমানহে কৰিব পৰা যাব৷ কিন্তু নিশ্চয়তা প্ৰদান কৰা অসম্ভৱ৷’ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে ২৩ মে’ত শপত গ্ৰহণ কৰাৰ পূৰ্বে জেডিএছৰ নেতা কুমাৰস্বামীয়েও সোমবাৰে ৰাহুল আৰু ছোনীয়া গান্ধীৰ সৈতে দিল্লীত চৰকাৰ গঠন সন্দৰ্ভত আলোচনাত বহিব বুলি জানিব পৰা গৈছে৷
আনফালে, কৰ্ণাটকত চৰকাৰ গঠনক লৈ মিত্ৰজোট জেডিএছ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ মাজত বেছ আলোচনা চলিছে বুলি জানিব পৰা গৈছে৷ ৰাজ্যখনৰ চৰকাৰৰ বিভাগ সমূহ ভাগ কৰি লোৱাৰ বাবে দুই দলৰ মাজত চৰ্চা চলিছে৷ উল্লেখ্য যে, ২৩ মে’ত কুমাৰস্বামীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব৷ জানিব পৰা মতে, কুমাৰস্বামীৰ লগতে কংগ্ৰেছৰ ১৭-২০ জন আৰু জেডিএছৰ ১০-১৩ জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷
আনহাতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী মনোনীত কৰণক লৈও চৰ্চা চলিছে বুলি জানিব পৰা গৈছে৷ ৰাজ্যখনত দুগৰাকীক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে৷ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ জী পৰমেশ্বৰ আৰু ৰাজ্যখনত সংঘটিত হোৱা ৰাজনৈতিক-সাম্প্ৰদায়িক সংঘাতক সময়ত সংকট মোচক হিচাপে থিয় হোৱা ডী কে শিৱকুমাৰৰ নাম উপ-মুখ্যমন্ত্ৰী পদৰ বাবে বাচনি কৰা হ’ব বুলি জানিব পৰা গৈছে৷
আনফালে জনতা দল চেকুলাৰে ৰাজ্যখনৰ কোনো মুছলমান লোকক উপ-মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাব বিচাৰিছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতা আৰু ৰাজ্যৰ সবাতকৈ জ্যেষ্ঠ বিধায়ক দীবি দেশপাণ্ডেক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কোনো দলেই একক সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ ৰাজ্যখনৰ বৃহত্তম দল হিচাপে বি এছ য়েদেয়ুৰাপ্পা নেতৃত্বাধীন বিজেপিক ৰাজ্যভাল বাজুভাই বালাই চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ কৰিছিল যদিও পিছত সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ পূৰ্বেই য়েদেয়ুৰাপ্পাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ৰাজ্যখনত দুদিনীয়া বিজেপি চৰকাৰৰ অৱসান পেলায়৷
আনহাতে, জেডিএছ আৰু কংগ্ৰেছৰ জোট বন্ধনক ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়৷ অহা ২৩ মে’ত কুমাৰস্বামীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিব৷ এই অনুষ্ঠানত ৰাহুল গান্ধী সহিত কংগ্ৰেছৰ জ্যেষ্ঠ কেন্দ্ৰীয় নেতাসকলৰ উপস্থিতি আশা কৰা হৈছে৷