newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিৰ এটা প্ৰতিনিধি দলে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াক সাক্ষাৎ কৰিবৰ যোৱা বুলি খবৰ আহিছে৷ আনহাতে বিজেপিয়ে সকলোতকৈ ডাঙৰ দল হোৱাৰ বাবদ চৰকাৰ গঠন কৰাৰ বাবে দাবী কৰিব৷ আনহাতে খবৰ মতে জেডিএছ আৰু কংগ্ৰেছে নিজ নিজ দলৰ সকলো বিধায়কক বাংগালুৰুলৈ মাতি পঠিয়াইছে এখন বিশেষ বৈঠকৰ বাবে৷
জেডিএছে ৫.৩০ বজাত ৰাজ্যপালক সাক্ষাৎ কৰিব৷ ৰাজ্যপালে এতিয়ালৈ কোনো দলক সাক্ষাৎ কৰাৰ অনুমতি দিয়া নাই যদিও ৫.৩০ বজাত জেডিএছে সাক্ষাৎ কৰিব যাব৷ আনহাতে ৰাজ্যপাল ভজুভাই বালাই এটি কংগ্ৰেছৰ প্ৰতিনিধিক ৰাজভৱনত সোমাবলৈ অনুমতি প্ৰদান নকৰাত অহা বাটে উভতি যাব লগা হয় কংগ্ৰেছ বিধায়কৰ দলটোৱে৷ বিধায়ক জে পৰমেশ্বৰাৰ নেতৃত্বত যোৱা দলটোৱে ৰাজ্যপালক সাক্ষাৎ কৰিব নোৱাৰিলে৷ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীয়ে য়েদুয়াৰাপ্পাই এখন সংবাদেলৰো আয়োজন কৰে৷