newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছ-জেডিএছ-এ বিজয়ৰ ৰণশিঙা বজাবলৈ সক্ষম হোৱাৰ পিছত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ কুমাৰস্বামীয়ে সোমবাৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক সাক্ষাৎ কৰে৷ সাক্ষাতকালত কৰ্ণাটকৰ মন্ত্ৰীসভা গঠনক লৈ আলোচনা চলে৷ ইফালে কুমাৰস্বামীয়ে যদিও ৰাহুল গান্ধীৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়, তথাপি কুমাৰ স্বামীৰ প্ৰকৃত উদ্দেশ্য কংগ্ৰেছ আৰু ডেজিএছৰ মিত্ৰবন্ধন আৰু চৰকাৰ গঠনত নিজ দলৰ ভুমিকাক লৈগে বুলি বিভিন্ন জনে মত প্ৰকাশ কৰিছে৷

এই সাক্ষাতৰ মূল উদ্দেশ্য আছিল ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ পদ৷ জানিব পৰা মতে, কংগ্ৰেছে দুই দল মিত্ৰজোটৰ সন্মতিৰ বাবে দুগৰাকী উপ-মুখ্যমন্ত্ৰী মনোনীত কৰিব বিচাৰে৷ কিন্তু ইয়াৰ বিপৰীতে জেডিএছ-এ কংগ্ৰেছৰ প্ৰস্তাৱ মানি ল’ব বিচৰা নাই৷

আনহাতে কংগ্ৰেছে দুগৰাকী উপ-মুখ্যমন্ত্ৰী মনোনীত কৰিব বিচৰাৰ আন এক গোপন উদ্দেশ্য হৈছে আগন্তক লোকসভা নিৰ্বাচন৷ কংগ্ৰেছে ৰাজ্যখনত দুগৰাকী উপ-মুখ্যমন্ত্ৰী মনোনীত কৰি জাতিগত দিশৰ পৰা ৰাজ্যখনত প্ৰভূত্ব বিস্তাৰ কৰিব বিচাৰে বুলিও আলোচনা চলিছে৷ 

কংগ্ৰেছৰ প্ৰদেশ অধ্যক্ষ জী পৰমেশ্বৰক উপ-মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য ব্যক্তি হিচাপে কংগ্ৰেছে ভাৱে৷ যিহেতু তেওঁ দলিত সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে, গতিকে ২০১৯ৰ লোকসভা নিৰ্বাচনত তেওঁৰ বাবে কংগ্ৰেছে ৰাজ্যখনৰ দলিত সম্প্ৰদায়ৰ ভোট লাভ কৰিব বুলিও আশাবাদী৷ 

আনফালে উত্তৰ কৰ্ণাটকৰ লিংগায়ত নেতা এছকে পাটিল আৰু এমবি পাটিলেও উপ-মুখ্যমন্ত্ৰী পদত নজৰ দিছে৷ কংগ্ৰেছক লিংগায়ত নেতাসকলে দাবী উত্থাপন কৰি কৈছে যে দক্ষিণ কৰ্ণাটকৰ বোক্কালিগা নেতা কুমাৰ স্বামীক যিহেতু মুখ্যমন্ত্ৰী হিচাপে স্বীকাৰ কৰা হৈছে, তেনে ক্ষেত্ৰত উত্তৰ কৰ্ণাটকৰ লিংগায়ত নেতাক উপ-মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা উচিত৷

উল্লেখ্য যে, কংগ্ৰেছৰ ওচৰত ১৬ গৰাকী আৰু জনতা দল চেকুলাৰত ৪ গৰাকী লিংগায়ত সম্প্ৰদায়ক বিধায়কে এইবাৰ নিৰ্বাচনত জয়লাভ কৰিছে৷ লিংগায়ত নেতাক উপ-মুখ্যমন্ত্ৰী পদত মনোনীত কৰিলে কংগ্ৰেছৰ সিদ্ধাৰামায়া চৰকাৰে লাভ কৰা লিংগায়ত বিৰোধী চৰকাৰৰ বদনামৰ পৰাও কংগ্ৰেছে মুক্তি পাব বুলি আলোচনা চলিছে৷ 

ইফালে, মুচলিম সম্প্ৰদায়ৰ পৰাও ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী পদৰ বাবে দাবী উত্থাপন হৈছে৷ ৰাজ্যখনত কংগ্ৰেছে জয়লাভ কৰা ৭৮ খন আসনৰ ভিতৰত ৫০ টা সমষ্টিত কংগ্ৰেছৰ জয়লাভ মুছলমান সম্প্ৰদায়ে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল৷ তেনে ক্ষেত্ৰত ভৱিষ্যত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিলে কংগ্ৰেছে মুছলিম সম্প্ৰদায়ৰ নেতাক উপ-মুখ্যমন্ত্ৰী পদ দিয়াটো অতি জৰুৰী হৈ পৰিছে৷ 

ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী পদৰ বাবে উত্থাপিত হোৱা এই সমস্ত নামৰ মাজতে আৰু এটা নাম জড়িত হৈ আছে৷ সেয়া হৈছে কংগ্ৰেছৰ দুৰ্দিনৰ সময়ত সংকটমোচক হিচাপে থিয় হোৱা ডিকে শিৱকুমাৰ৷ ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁকো প্ৰবল দাবীদাৰ হিচাপে ধৰা হৈছে৷ উল্লেখ্য যে শনিবাৰে বিধানসভাত অনুষ্ঠিত হৈ যোৱা শক্তি পৰীক্ষাত শিৱকুমাৰে কংগ্ৰেছৰ সকলো বিধায়কক একগোট কৰি ৰখাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল৷ শিৱকুমাৰক উপ-মুক্যমন্ত্ৰী হিচাপে মনোনীত কৰাটো তেওঁৰ কষ্টৰ পুৰস্কাৰ হ’ব বুলি আলোচনা চলিছে৷ 

এনে সময়ত কংগ্ৰেছে কাক উপ-মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰে সেয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ আনহাতে ৰাজ্যখনৰ উপক-মুখ্যমন্ত্ৰী কোন হ’ব সেয়া জেডিএচৰ সৈতে হোৱা সিদ্ধান্তৰ পিছতহে নিশ্চিত হ’ব৷