পলিমা চেতিয়া বসুমতাৰী,কাজিৰঙাঃ প্ৰলয়ংকাৰী বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মঙলবাৰে পৰিদৰ্শন কৰে বোকাখাতৰ স্থানীয় বিধায়ক তথা অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই৷
কালি বিয়লি পাঁচ বজাত মেচিন নাঁৱেৰে সাংবাদিকৰ সৈতে পৰিদৰ্শন কৰে কাজিৰঙাৰ বান বিধস্ত অঞ্চলৰ লগতে কঁহৰা বনাঞ্চলৰ বান শিবিৰসমূহ৷ বিগত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ কৰা ৩৩ টা হাইলেণ্ডৰ দুটা হাইলেণ্ড কালি কৃষিমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে৷
হাইলেণ্ডবোৰত আশ্ৰয় লৈ থকা বন্য জীৱসমুহ দেখি কৃষি মন্ত্ৰী গৰাকীয়ে হাইলেণ্ড নিৰ্মাণৰ সফলতাত সন্তোষ প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী সময়ত আৰু অধিক হাৰত হাইলেণ্ড নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ কৰিব বুলি উল্লেখ কৰে৷ কৃষিমন্ত্ৰী গৰাকীয়ে লগতে কয় যে বিগত সময়ৰ তুলনাত এই বছৰৰ প্ৰথমটো বানত আশ্ৰয়ৰ বাবে কাৰ্বি পাহাৰলৈ ঢাপলি মেলাৰ ফলত চোৰাং চিকাৰীৰ হাতত নিহত হোৱা গঁড়ৰ সংখ্যা একেবাৰেই নাই আৰু অন্যান্য বন্যপ্ৰাণীৰ নিহতৰ সংখ্যাও তুলনামূলকভাৱে একেবাৰেই নগণ্য৷
কৃষিমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে সাম্প্ৰতিক সময়ত বানপানীৰ কবলত পৰি ৰাজ্যৰ ২৮ জিলা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৪,৫৯৮
খন গাঁও জলমগ্ন হৈছে৷
তদুপৰি ১,২২৬৫৫.২৫ লাখ হেক্টৰ শস্যৰে পৰিপূৰ্ণ কৃষিভূমি বানৰ কবলত পৰি সম্পূৰ্ণভাৱে নষ্ট হোৱাৰ সমান্তৰালভাৱে ৫,২১,৮৪৩ ঘৰ কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি কাজিৰঙাৰ সাংবাদিকৰ সন্মুখত উল্লেখ কৰে কৃষি মন্ত্ৰী অতুল বৰাই৷