ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালৰ অফিচত চাহ আৰু বিস্কুতৰ নামত যোৱা তিনি মাহত খৰছ হৈছে ১.৩ কৌটি টকা৷ এই তথ্য উদঘাটন হৈছে তথ্য জনা অধিকাৰ আইনৰ যোগেদি৷ ফেব্ৰুৱাৰী মাহত হেমন্ত সিং গৌনিয়া নামৰ মানৱ অধিকাৰ আয়োগৰ কৰ্মকৰ্তাগৰাকীয়ে আবেদন কৰা তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি এই তথ্য পোহৰলৈ আহে৷

হেমন্ত সিং গৌনিয়াৰৰ আবেদনৰ ভিত্তিত ভাৰতৰ তথ্য সম্প্ৰচাৰ আয়োগে এই তথ্য প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী পদাধিকাৰৰ পোৱাৰ পাছৰেপৰা অৰবিন্দ কেজিৰৱালে চৰকাৰী ভ্ৰমণৰ নামত ব্যয় কৰিছে ১১.৯৯ লাখ টকা৷ 

ইফালে তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি হেমন্ত সিং গৌনিয়াই চলিত মাহৰ প্ৰথম সপ্তাহত লাভ কৰা তথ্য অনুসৰি, কেজিৰৱালৰ মুখ্যমন্ত্ৰী অফিচৰ চাহ-বিস্কুটৰ নামত ২০১৫-১৬ বিত্তীয় বৰ্ষত খৰচ হোৱা ধনৰ পৰিমান আছিল ২৩.১২ লাখ৷

ইয়াৰ বিপৰীতে ২০১৬-১৭ বিত্তীয় বৰ্ষত এই খৰচৰ পৰিমান দেখুওৱা হৈছে ৪৬.৫৪ লাখ টকা৷ আনহাতে ২০১৭-১৮ বৰ্ষত কেজিৰৱালৰ মুখ্যমন্ত্ৰী অফিচত চাহ-বিস্কুটৰ নামত খৰছ হোৱা ধনৰ পৰিমান হ’ল ৩৩.৩৬ লাখ টকা৷ 

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালৰ কাৰ্যালয় আৰু সচিবালয়ৰ পৰিচালনাত খৰছ হোৱা চৰকাৰী ধনৰ তথ্য লাভ কৰি তথ্য আবেদনকাৰী গৌনিকাই কৈছে,- ‘‘যিখন দেশৰ বহু সংখ্যক নাগৰিকে এতিয়াও দিনটোৰ বাবে এসাজ আহাৰ যোগাৰ কৰিবলৈ অপৰাগ, সেই দেশত মুখ্যমন্ত্ৰীৰ অফিচৰ ব্যয়বহুলতাই স্বাভাৱিকতেই দেশৰ আৰ্থ-সামাজিক দিশত প্ৰভাৱ পেলাইছে৷’’

ইফালে গৌনিকাই ফেব্ৰুৱাৰী মাহত কৰা আবেদনৰ উত্তৰত প্ৰকাশ পোৱা তথ্য মতে উত্তৰাখণ্ডৰ মূখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে বিগত দহ মাহত অতিথি অপ্যায়ন আৰু অফিচ খৰছৰ বাবে ৬৮ লাখ চৰকাৰী ধন ব্যয় কৰিছে৷