খাৰুপেটীয়াঃ দৰঙৰ দলগাঁৱৰ বটাবাৰীত আৰক্ষী আৰু বনবিভাগে আজি জব্দ কৰে দুটা বালি উঠোৱা মেচিন৷ জানিব পৰা মতে বটাবাৰীৰ চকৰাবস্তি অঞ্চলত দীৰ্ঘদিন ধৰি এটা চক্ৰই বিভিন্ন পুখুৰীৰপৰা এনেধৰনৰ মেচিনৰ সহায়ত বালি সংগ্ৰহ কৰি চলাই আহিছিল এক অবৈধ বালিৰ ব্যৱসায়৷ বালিৰ ব্যৱসায় কৰা চক্ৰটোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠিলেও বিভিন্ন মহলক মেনেজ কৰি চক্ৰটোৱে চলাই গৈছিল ৰমৰমীয়া ব্যৱসায়৷
মংগলদৈ খণ্ড বন বিষয়া আৰু দলগাঁও আৰক্ষীয়ে এক অভিযান চলাই আজি জব্দ কৰে দুটা মেচিন৷ আৰক্ষীক দেখি বালি ব্যৱসায় কৰা চক্ৰটো পলাই যায় যদিও এই পৰ্যন্ত বালিৰ ব্যৱসায় কৰা পুখুৰীটোৰ গৰাকী আৰু চক্ৰটোৰ অন্যান্য সকলক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই৷