খেৰণিঃ যোৰহাটৰ তিতাবৰত শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে সৰ্বসাধাৰণৰ হকে অতিকৈ প্ৰয়োজনীয় আৰু এক অন্যতম অভিলাষী আঁচনিৰূপে মুখ্যমন্ত্ৰী অকাশদ্বীপ যোজনাৰ উদ্বোধন কৰাৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামতো এই আঁচনিৰ যোগেদি বিদ্যুৎ গ্ৰাহকৰ মাজত বিনামূলীয়াকৈ এল ই ডি বাল্ব বিতৰণ কৰে ডংকামোকামস্থিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে।

ডংকামোকামত আয়োজন কৰা এল ই ডি বাল্ব বিতৰণী সভাত পশ্চিম কাৰ্বি আংলং অতিৰিক্ত জিলা উপায়ুক্ত, ৰংখাং উন্নয়ন খণ্ডৰ বিষয়া শশীকান্ত তিমুং, ডংকামোকাম চহৰ কমিটীৰ ৱাৰ্ড কমিছনাৰ জিতু টেৰাং, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সংমণ্ডল বিষয়া ক্ৰমে শান্তনু বৰা, বিজয় শংকৰ বিৰুৱাৰ বিপৰীতে শতাধিক বিদ্যুতৰ গ্ৰাহক উপস্থিত থাকে।

বিভাগীয় ঊৰ্ধতন বিষয়া বিজয় শংকৰ বিৰুৱাই অতিথিসকলক সম্বৰ্ধনা জনোৱা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত গ্ৰাহক ৰাইজক উদ্দেশ্যি শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সংমণ্ডল বিষয়া শান্তনু বৰাই উল্লেখ কৰে যে জনসাধাৰণৰ সচেতনতাইহে বিদ্যুৎ নাটনি দূৰ কৰিব পাৰিব। বিদ্যুৎ চুৰি কৰা কাৰ্য পৰিহাৰ কৰি বিদ্যুতৰ সৎ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় বিষয়াগৰাকীয়ে।

লগতে এল ই ডি বাল্ব ব্যৱহাৰে বিদ্যুৎ যোগান আৰু বিদ্যুতৰ চাহিদাৰ মাজত ভাৰসাম্যতা অনাত যোগাত্মক প্ৰভাৱ পেলাব পাৰিব বুলি উল্লেখ কৰি গ্ৰাহক ৰাইজক এল ই ডি বাল্ব ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। 

ইপিনে পশ্চিম কাৰ্বি আংলং অতিৰিক্ত জিলা উপায়ুক্ত, ৰংখাং উন্নয়ন খণ্ডৰ বিষয়া শশীকান্ত তিমুং, ডংকামোকাম চহৰ কমিটীৰ ৱাৰ্ড কমিছনাৰ জিতু টেৰাঙেও অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক সহায় সহযোগ আগবঢ়াই বিদ্যুৎ যোগানৰ নাটনি দূৰ কৰিবলৈ ৰাইজক আহ্বান জনায় আৰু ৰাইজৰ মাজত সচেতনতাৰ বীজ সিঁচিবলৈ প্রচেষ্টা চলায় উপস্থিত অতিথিবৃন্দই। 

লগতে ইতিমধ্যে বিনামূলীয়াকৈ বিতৰণ কৰি থকা ৪ টাকৈ এল ই ডি বাল্ব কি কি তথ্য প্ৰদান কৰি লাভ কৰিব পাৰিব সেই সম্পৰ্কেও ৰাইজক অৱগত কৰে। বিভাগীয় বিষয়াই গ্ৰাহকৰ বিদ্যুৎ বিল আৰু নিজ নিজ পৰিচয়-পত্ৰ প্ৰদান কৰি এই সুবিধা লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে। লগতে অহা ২৮ ফেব্ৰুৱাৰীলৈকে পর্যানুক্ৰমে এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি ৰাইজক জানিবলৈ দিয়ে বিভাগীয় বিষয়াই।