newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ১১ সংখ্যাক প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ দল জেডিএছ পূৰ্বে অনুমান কৰা অনুসৰিয়ে কৰ্ণাটকৰ কিং মেকাৰ হোৱাৰ দিশে আগবাঢ়িছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দলটোৱে বছৰ বছৰ ধৰি ক্ষমতাৰ পৰা দূৰত থাকিব লগা হৈছে যদিও এইবাৰ মিত্ৰজোঁটত থাকি হ'লেও ক্ষমতালৈ অহাৰ সম্ভাৱনাই দেখা দিছে৷
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৭৩ খন আসনত জয়ী হৈছে আনহাতে ৩২ খন আসনত আগবাঢ়ি আছে৷ কংগ্ৰেছে এতিয়া লৈ ৪০ খন আসনত জয়ী হোৱাৰ লগতে ৩৬ খন আসনত আগবাঢ়ি আছে৷
জেডিএছ ১৫ খনত জয়ী হোৱাৰ লগতে ২২ খন আসনত আগবাঢ়ি আছে৷ পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে বিজেপি আগবাঢ়িছে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা ক্ষীণ দেখা গৈছে৷ কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰা পিছ পৰি ৰ’ব বুলি অনুমান কৰা হৈছে৷ ফলত জিডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া খাটাং৷ পূৰ্বে অনুমান কৰি অনুসৰিয়ে জেডিএছে কৰ্ণাটকৰ কিং মেকাৰ হৈ পৰিব৷
ফলত মুহূৰ্তে মুহূৰ্তে সলনি হৈছে কৰ্ণাটকৰ ৰাজনৈতিক পৰিবেশ৷ কংগ্ৰেছে পুনৰ চৰকাৰলৈ আহিব নোৱাৰে সেয়া খাটাং হৈ পৰিছে কিন্তু কম আসন লাভ কৰিলেও জেডিএছ কিং মেকাৰ হ’ব সেয়া নিশ্চিত। বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ নকৰিব পাৰে বুলি অনুমান কৰা হৈছে৷ বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে জিডিএছ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব৷
কৰ্ণাটকত ৪.৯৮ কোটি ভোটদাতা আছে৷ ইয়াৰে পুৰুষ হৈছে ২.৫২ কোটি, ২.৪৪ কোটি মহিলা আৰু ৪৫৫২ ট্ৰান্সজেণ্ডাৰ৷ কৰ্ণাটকত ৫৫৬০০ ভোট কেন্দ্ৰ আছে৷ স্পৰ্শকাতৰ ভোটকেন্দ্ৰও আছে ৰাজ্যখনত। ১৯৮৫ চনৰ পিছত কৰ্ণাটকত দ্বিতীয়বাৰ একেৰাহে কোনো দলৰ চৰকাৰ শাসনলৈ অহা নাই৷ কংগ্ৰেছ পাঞ্জাৱৰ পিছত দ্বিতীয়খন ডাঙৰ ৰাজ্য শাসন কৰি আছিল৷
বিজেপি কৰ্ণাটক দখল কৰিব বুলি দাবী কৰাৰ লগতে কংগ্ৰেছ পুনৰ শাসনলৈ আহিব বুলি প্ৰত্যয় জাহিৰ কৰি আঙিছে মুখ্যমন্ত্ৰী চিদ্দাৰামায়াই। তেঁওৰ দাবীমতে বিপুল ভোটত কংগ্ৰেছে পুনৰ শাসনলৈ আহিব৷ ৰাজ্যখনত ২২৪টা বিধান সভা সমষ্টি আছে যদিও ২২২টা সমষ্টিতহে ভোটদান অনুষ্ঠিত হৈছে৷ এগৰাকী বিজেপি প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ৰাজা নাগেশ্বৰী নগৰ সমষ্টিত নিৰ্বাচনৰ বিধি উলংঘা কৰাৰ অভিযোগত নিৰ্বাচন স্থগিত ৰখা হয়৷