মুম্বাইঃ তৃতীয় টেষ্টটো লজ্জাজনকভাৱে পৰাস্ত ধৈৰ্যহীন ভাৰত। দেওবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ অন্তিমখন মেচত ২৫ ৰানত পৰাস্ত হয় ভাৰতীয় দলটো। ২০০০ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দুয়োখন মেচতে পৰাস্ত হৈছিল ভাৰত। সুদীৰ্ঘ ২৪ বছৰৰ অন্তত পুনৰ ঘৰৰ মাটিত শৃংখলাৰ আটাইকেইখন মেচতে পৰাস্ত হয় ৰোহিত বাহিনী।
ভাৰতৰ সমুখত মাত্ৰ ১৪৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ভ্ৰমণৰত দলটোৱে। তেনেই সামান্য বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈয়ো মেচখনৰ আজি তৃতীয় দিনা এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাই ভাৰতে। ঋষভ পণ্টে এটা মূৰত ইনিংছ ধৰি ৰাখিবলৈ কিঞ্চিত চেষ্টা চলোৱাৰ বাদে প্ৰায়কেইজন বেটাৰেই শোচনীয়ভাৱে ব্যৰ্থ হয়। পণ্টেও ৬৪ ৰানত পেভিলিয়নমুখী হোৱাত ভাৰতৰ জয়ৰ আশা নিৰ্বাপিত হৈ পৰে আৰু ৫ দিনীয়া টেষ্টখন মাত্ৰ আঢ়ৈ দিনতে সমাপ্ত হয়।
টি-২০ বিশ্বকাপ জয়ৰ পিছত বাংলাদেশকো টেষ্ট শৃংখলাত পৰাভূত কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতীয় দলটোৱে নিজৰ দ্বিতীয় ইনিংছত মাত্ৰ ১২১ ৰানতে অলআউট হয়। কিৱি বাহিনীৰ স্পিন আক্ৰণত দিশহাৰা হৈ পৰে ৰোহিত, বিৰাট কোহলিৰ দৰে দিগগজ বেটাৰসকল। নিউজিলেণ্ডৰ হৈ ভাৰতীয় মূলৰ আজাজ পেটেলে প্ৰথম ইনিংছত ৫টা উইকেট দখলৰ কৰাৰ পিছত দ্বিতীয় ইনিংছত আজুৰি লয় আৰু ৬টা উইকেট। মাত্ৰ ৫৭ ৰানৰ বিনিময়ত দ্বিতীয় ইনিংছত পেটেলে লাভ কৰে ৬ উইকেট। গ্লেন ফিলিপছে ৩টা আৰু মেট হেনৰীয়ে ১টা উইকেট লাভ কৰে।
উল্লেখ্য যে প্ৰথম ইনিংছত নিউজিলেণ্ড ২৩৫ আৰু ভাৰতে ২৬৩ ৰান স্ক’ৰ কৰিছিল। দ্বিতীয় ইংনিছত আটাইকেইটা উইকেট হেৰুৱাই আলহী দলটোৱে সংগ্ৰহ কৰিছিল ১৭৪ ৰান। আজিৰ এই জয়েৰে ভাৰতক হোৱাইটৱাশ্ব কৰি ৩খন মেচৰ টেষ্ট শৃংখলাটো ৩-০ ব্যৱধানত হস্তগত কৰে নিউজিলেণ্ডে। প্লেয়াৰ অব দ্য মেচৰ সন্মান লাভ কৰে আজিজ পেটেলে আৰু শৃংখলাটোৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় উইল ইয়ং।