![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/jadhav_760_1494354004_749x421.jpeg?itok=KAQvtbjP)
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰিৰ অভিযোগত পাক সামৰিক আদালতে মৃত্যুদণ্ড বিহা কাৰ্যক বিশ্বজুৰি বিভিন্ন মহলে নিন্দা কৰি অহাৰ পিছতে এইবাৰ পাকিস্তানৰ সিদ্ধান্তক প্ৰত্যাখান কৰিছে ইণ্টাৰনেশ্যনেল ক’ৰ্ট অব জাষ্টিচ চমুকৈ আইচিজেয়ে।
ভাৰতৰ অনুৰোধ স্বত্বেও সিদ্ধান্ত সলনি নকৰাৰ পৰিপ্ৰেক্ষিতত সৰ্বত্ৰে সমালোচনাৰ সমুখীন হৈ অহা পাক আদালতৰ ৰায়দানত হস্তক্ষেপ কৰি নেদাৰলেণ্ডৰ হেগস্থিত আন্তৰাষ্ট্ৰীয় আদালতখনে উক্ত সিদ্ধান্ত পোনচাটেই নাকচ কৰিছে।
এনেদৰে কুলভূষণৰ মৃত্যুদণ্ডৰ ৰায়দানৰ বিৰুদ্ধে ভাৰতৰ আন্তৰাষ্ট্ৰীয় কূটনৈতিক যুঁজখনত জয় লাভ কৰিছে ভাৰতে। ভাৰতে পাকিস্তানৰ আদালতৰ ৰায়দানৰ বিৰুদ্ধে ৮ মেত উক্ত আদালতৰ কাষ চাপিছিল।
আন্তৰাষ্ট্ৰীয় আদালতখনলৈ প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে পাকিস্তানে ভিয়েনা চুক্তি উলংঘন কৰা বুলি ভাৰতে অভিযোগ উত্থাপন কৰিছে। তদুপৰি ভাৰতক বা কুলভূষণক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ দিয়া হোৱা নাই।
দেশখনে সম্পূৰ্ণৰূপে আন্তৰ্জাতিক নিয়ম-নীতিক উলংঘা কৰা বুলি ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় সংস্থাসমূহে মত উত্থাপন কৰাৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ বিচাৰ-ব্যৱস্থা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছিল।
ভাৰতৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে টুইট কৰামতে আন্তৰাষ্ট্ৰীয় আদালতে ৰুল অব ক’ৰ্টৰ পেৰা-৪ ৰ ৭৪ নং অনুচ্ছেদৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। জেষ্ঠ অধিবক্তা হৰিশ চালৱেয়ে ভাৰতৰ হৈ আদালতখনত ওকালতি কৰি আছে বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে জনায়।