newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰত্যাশা কৰা ধৰণেই কৰ্ণাটকৰ আস্থা ভোটত জয়ী হ’ল মুখ্যমন্ত্ৰী এইচডি কুমাৰস্বামী৷ কংগ্ৰেছ আৰু জেডিএছৰ ১১৭ গৰাকী বিধায়েকে কুমাৰস্বামীৰ সপক্ষে ভোট প্ৰদান কৰে৷ কংগ্ৰেছ-জেডিএছৰ জোট চৰকাৰখন আগন্তক ৫ বছৰলৈ স্থায়ী হ’ব বুলি দাবী কৰে কুমাৰস্বামীয়ে৷

ইফালে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়ক ৰমেশ কুমাৰক সৰ্বসন্মতি মৰ্মে বিধানসভাৰ অধ্যক্ষ মনোনীত কৰা হয়৷ বিধানসভাৰ অধ্যক্ষ পদত ৰমেশ কুমাৰ নিৰ্বাচন সহজ হৈ পৰাত আস্থা ভোটত কুমাৰস্বামী যে কোনো বাধাৰ সন্মুখীন নহয়, সেয়া স্পষ্ট হৈ পৰিছিল৷ উল্লেখ্য যে, যোৱা বুধবাৰে কৰ্ণাটক মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছডি দেৱগৌড়াৰ পুত্ৰ কুমাৰস্বামীয়ে৷  

ইফালে আস্থা ভোটৰ পূৰ্বেই য়েদেয়ুৰাপ্পাৰ নেতৃত্বত বিজেপি বিধায়কে বিধানসভাৰ মজিয়া ত্যাগ কৰা পৰিলক্ষিত হয়৷ আনহাতে বিজেপিক বিধানসভাৰ বিৰোধী দল হিচাপে ঘোষণা কৰাৰ লগতে বি এছ য়েদেয়ুৰাপ্পাক বিৰোধী দলনেতা হিচাপে নিৰ্বাচন কৰা হয়৷

উল্লেখ্য যে, বিগত ১২ মে’ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল৷ বিজেপিয়ে বৃহত্তম দলৰ মৰ্যাদা লাভ কৰি ১০৪ খন আসন দখল কৰিবলৈ সক্ষম হয় যদিও সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত আসন লাভ কৰিবলৈ অক্ষম হয়৷ কৰ্ণাটকৰ ৰাজ্যপাল বাজুভাই বালাই বৃহত্তম দল হিচাপে বিজেপিক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ কৰে যদিও পিছত জেডিএছ আৰু কংগ্ৰেছে জোট বন্ধন কৰি আদালতৰ দাৰস্থ হৈ৷ 

আনহাতে উচ্চতম আদালতে য়েদেয়ুৰাপ্পাক বহুমত প্ৰমাণৰ বাবে ২৮ ঘন্টাৰ সময় বান্ধি দিয়ে৷ কিন্তু বিজেপিৰ নেতা য়েদেয়ুৰাপ্পাই বহুমত প্ৰমাণৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি পৰাজয় বৰণ কৰে৷ যাৰ ফলত কুমাৰস্বামীৰ নেতৃত্বত জেডিএছ-কংগ্ৰেছৰ জোট বন্ধনে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷