newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ৰূপে শপত লবলগীয়া জেডিএছৰ মুৰব্বী এইচ ডি কুমাৰস্বামীয়ে সোমবাৰে দিল্লীত উপস্থিত হৈ কেইবাগৰাকী নেতাক সাক্ষাৎ কৰে৷ সোমবাৰে দিনৰ ভাগত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বাসগৃহত উপস্থিত হৈ ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি বাহিৰলৈ ওলাই অহাৰ সময়ত ৰাহুলৰ সৈতে সকলো কথা আলোচনা হোৱা বুলি কয় কুমাৰস্বামীয়ে৷ 

ৰাহুল গান্ধীয়ে কৰ্ণাটক কংগ্ৰেছৰ সম্পাদক কে চি বেনিগোপালৰ সৈতে সকলো কথা আলোচনা কৰিব দিয়া বুলি কয় কুমাৰস্বামীয়ে৷ মঙলবাৰে কংগ্ৰেছৰ কৰ্ণাটকৰ স্থানীয় নেতাৰ সৈতে সকলো আলোচনা কৰা হ’ব বুলি কয়৷ কুমাৰস্বামীয়ে কংগ্ৰেছ আৰু জেডিএছৰ মিত্ৰ জোঁটে কৰ্ণাটকত এখন স্থায়ী চৰকাৰ গঠন হ’ব বুলি আশাবাদী৷ 

ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক সাক্ষাৎ কৰাৰ পূৰ্বে কুমাৰস্বামীয়ে বহুজন সমাজবাদী পাৰ্টিৰ নেত্ৰী কুমাৰী মায়াৱতীক সাক্ষাৎ কৰে৷ মায়াৱতীক সাক্ষাৎ কৰি এয়া সৌজন্যমূলক সাক্ষাৎ বুলি কৈ বিএছপিৰ সৈতে ভোটৰ পূৰ্বেই জোঁট বন্ধন কৰা বুলি কয়৷