newsnextone.com | গুৱাহাটীঃ পৰিবহণৰ ক্ষেত্ৰখনৰ ৰং সলনি কৰিবলৈ অসমীয়া যুৱকৰ প্ৰচেষ্টাত গুৱাহাটী মহানগৰীত আৰম্ভ হ’ব ‘লা-কেৱ’ সেৱা৷ উবেৰ-অলাক প্ৰত্যাহ্বান জনাই হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱাৰ সপোন পূৰণ কৰিবলৈ ১৯ জুনৰ পৰা গুৱাহাটীত ৰাজপথত চলিব ‘লা-কেৱ’ৰ চাৰিচকীয়া বাহন৷ মহানগৰীৰ জীৱন যাত্ৰাক অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে উবেৰ-অ’লাৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে গাড়ীৰ মালিক-চালকসকলক ৰক্ষা কৰিবলৈ ‘লা-কেৱ’ সেৱা আৰম্ভ কৰিব কেইগৰাকীমান অসমীয়া যুৱকে৷

অহা ১৯ জনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই ‘লা-কেৱ’ সেৱা। নিৰ্দিষ্ট এপ যোগে বুকিং কৰিব পৰাৰ সুবিধা উপলব্ধ হ’ব ‘লা-কেৱ’ সেৱাত। এদল অসমীয়া যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ‘লা-কেৱ’ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰালৈহে অপেক্ষা মাথোন৷ যোৱা কেইবাটাও বছৰ ধৰি থলুৱা লোকৰ গাড়ীৰ ব্যৱসায় এক প্ৰকাৰ বন্ধ কৰি তাৰ ঠাই লৈছিল দুটি বহিৰাগত কোম্পানী উবেৰ আৰু অ’লাই।

তাৰ পিছতো বহিৰাগত কোম্পানী উবেৰ আৰু অ’লাত গাড়ী দি টকা উপাৰ্জন কৰাৰ বাবে চিন্তা কৰিছিল৷ ব্যক্তিগত খণ্ডৰ ফাইনেন্স আৰু বেংকৰ পৰা ফাইনেন্সত গাড়ী লৈ উবেৰ আৰু অ’লাত দিছিল। 

কেইবা শ যুৱকে চাৰিচকীয়া বাহন কিনি উবেৰ আৰু অ’লা ভৰাই পেলাইছিল। সকলো ঠিকে-ঠাকে আগবাঢ়িছিল। যাতায়ত সহজলভ্য কৰি তুলিছিল উবেৰ-অ’লাই। ইনচেনটিভৰ পইছা লাভ কৰিছিল সময়মতে আৰু বিচৰামতেই৷ যাৰ দ্বাৰা গাড়ীৰ কিস্তি দিব পাৰিছিল। কিন্তু লাহে লাহে পেট্ৰল-ডিজেল তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আহিল৷ তাৰ পিছতে উবেৰ কৰ্তৃপক্ষই ইনচেনটিভ বন্ধ কৰি দিয়ে আৰু হাহাকাৰ কৰিব লগা হয় উবেৰ মালিক আৰু চালকসকলে৷

তাৰ পিছতে একাংশ চালক আৰু মালিকে বিকল্প কিবা কৰিব পাৰি নেকি তাৰ কথা চিন্তা কৰে৷ এগৰাকী লোকৰ ওচৰ চাপে৷ সঞ্জীৱ দৈমাৰি নামৰ এগৰাকী লোকে তেওঁলোকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ কথা মতেই চিংগাপুৰৰ এটি কোম্পানীৰ সৈতে কাম কৰাৰ বাবে চুক্তি বন্ধ হয়৷ চিংগাপুৰৰ এটি কোম্পানীৰ সৈতে চুক্তি বদ্ধ হয় কোম্পানীটোৱে অসমত ব্যৱসায় কৰিবলৈ নাহে তেওঁলোকে কেৱল ছেটেলাইট হে নিয়ন্ত্ৰণ কৰিব৷ বহিৰাগত প্ৰতিষ্ঠানে অসমৰ থলুৱা যুৱকক ৰক্ষা কৰিবলৈ কেৱ সেৱা চলাবলৈ সাহস গোটায়৷

উবেৰ-অ’লাৰ প্ৰবঞ্চনাৰ পৰা গাড়ীৰ মালিক-চালকসকলক ৰক্ষা কৰিবলৈ দৈমাৰিয়ে ‘লা-কেৱ’ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৯ জুনত আনু্ষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই সেৱা। জানিব পৰা মতে, যিটো দলৰ প্ৰচেষ্টাত এই সেৱা গঢ় লৈ উঠিছে সেই দলটোৰ আটাইকেইজন যুৱক অসমীয়া। 

সদৌ গুৱাহাটী কেৱ চালক সন্থাৰ সভাপতি ইব্ৰাহীম আলীয়ে সম্পূৰ্ণ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মহানগৰাবসীৰ সহাৰি পোৱাৰ আশা কৰে ‘লা-কেৱ’ সেৱাই৷ এপছ ডাউনলোড কৰিব পৰা হৈছে বুলিও জানিবলৈ দিয়ে৷

মহানগৰবাসীয়ে যি ধৰণে বিচাৰে সেই ধৰণে সেৱা আগবঢ়াবলৈ ‘লা-কেৱ’ প্ৰতিশ্ৰুতিৱদ্ধ বুলি কৈ অসমৰ মাটিত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে।

১৯ জুনৰ পৰা গুৱাহাটীত ৰাজপথত চলিব ‘লা-কেৱ’ৰ চাৰিচকীয়া বাহন৷ মহানগৰীৰ চাৰিচকীয়া বাহনৰ মালিকে গাড়ী দি অৰ্থ উপাৰ্জন কৰিবলৈ ৮০১১৪৮৭৭৭৭ মোবাইল নম্বৰত যোগাযোগা কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে৷ গাড়ীৰ মালিকক ১৫ শতাংশ কমিছন, চালকৰ ইএছআই আৰু পিএফ, স্বাস্থ্য বীমা প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে৷