জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ জিলাৰ কদম তিনিআলিৰ ১৫ নং ৰাষ্ট্ৰীয়পথত বৰষুণৰ পানীয়ে সৃষ্টি কৰা ৮ ফুট দ' সুৰংগই  কৰিছে দুৰ্ঘটনাৰ আশংকা দিনক দিনে সুৰংগ সমূহ ক্ৰমাৎ ডাঙৰ হ’বলৈ ধৰিছে। ভয়ানক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা হৈ পৰিছে।

অতি ব্যস্তময় কদম তিনিআলিৰ ৰাষ্ট্ৰীয়পথৰ কেইবাঠাইতো সৃষ্টি হৈছে এনে বিপদসংকুল সুৰংগৰ৷ দুৰ্ঘটনা হোৱাৰ পূৰ্বে গড়কাপ্তানি বিভাগক মেৰামতিৰ আহ্বান ৰাইজৰ সংবাদমাধ্যমৰ জৰিয়তে ।

সংবাদ মাধ্যমত বাৰম্বাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতো কানসাৰ নাই লখিমপুৰ গড়কাপ্তানি বিভাগৰ।