লখিমপুৰঃ উত্তৰ লক্ষীমপুৰৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী নতুন সুৰ প্ৰকাশন পৰিষদ আৰু মংগলবোধ জাগৰণ কেন্দ্ৰই ২০০৬ চনৰপৰা প্ৰদান কৰি আহিছে সাহিত্যজ্যোতি আৰু কথা-বৈভৱ বঁটা। প্ৰতিবছৰে অসমৰ সাহিত্য-সংস্কৃতি জগতলৈ বিশিষ্ট অৱদান আগবঢ়োৱা ব্যক্তিক এই দুই বঁটাৰে সন্মান প্ৰদান কৰি অহা হৈছে৷ 

কিছুদিন পূৰ্বে অনুষ্ঠানটোৱে ২০১৯ চনৰ সাহিত্যজ্যোতি আৰু কথা-বৈভৱ বঁটা ঘোষণা কৰিছিল৷ দেওবাৰে উত্তৰ লক্ষীমপুৰৰ তেলাহি কমলাবাৰী মহাবিদ্যালয়ত উদয় শংকৰ হাজৰিকাৰ সঞ্চালনাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয়৷ অসমৰ সাংস্কৃতিক জগতৰ এটি পৰিচিত নাম চৈয়দ ছাদুল্লা৷ প্ৰখ্যাত গীতিকাৰ সুৰকাৰ তথা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ছাদুল্লাক কালি সাহিত্যজ্যোতি সন্মান প্ৰদান কৰা হয়৷ 

তেওঁৰ লগত অসমৰ বৌদ্ধিক জগতৰ এটি পৰিচিত নাম নিৰ্মল চাহেৱালা৷ বিশিষ্ট চিকিৎসক, ব্যৱসায়ী, লেখক চাহেৱালাকো প্ৰদান কৰা হয় সাহিত্যজ্যোতি বঁটা৷ আনহাতে, প্ৰকাশন প্ৰতিষ্ঠানটোৱে এইবছৰ কথা-বৈভৱ বঁটা প্ৰদান কৰিছে কাৰ্বি আংলং জিলাৰ বিশিষ্ট লেখক, কবি ভৱপ্ৰসাদ দেউৰীক৷ 

উত্তৰ লক্ষীমপুৰৰ বঁটা প্ৰদান অনুষ্ঠানত দেউৰীক চেলেং চাদৰ, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু উপহাৰৰ টোপোলাৰে সন্মান প্ৰদান কৰা হয়৷ কথা-বৈভৱ বঁটা গ্ৰহণ কৰি লেখক গৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে এই বঁটাই তেওঁৰ অধিক দায়বদ্ধ কৰিলে৷ নতুন সুৰ প্ৰকাশন পৰিষদ আৰু মঙ্গলবোধ জাগৰন মঞ্চক তেওঁ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসমৰ আগশাৰীৰ কাকত আলোচনীত নিয়মীয়াকৈ লিখা-মেলা কৰা ভৱপ্ৰসাদ দেউৰীৰ ইতিমধ্যে অসমৰ জাতীয় চিন্তা, সামাজিক মূল্যবোধ আৰু বুদ্ধিজীৱীৰ ভূমিকা আৰু হেৰুৱা মাণিকৰ সন্ধানত শীৰ্ষক তিনিখন গ্ৰন্থ প্ৰকাশ হৈছে৷