লখিমপুৰঃ লখিমপুৰ-ধেমাজিবাসীক অন্ধকাৰত ৰাখি নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যি ভোমিকা গ্ৰহন কৰিছে তাৰ প্ৰতিবাদত৷ NHPC ৰ বিৰুদ্ধে পুনৰ উত্তৰ অসমত আৰম্ভ হৈছে প্ৰতিবাদ 

আজি লখিমপুৰ চহৰৰ মালপানী চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে NHPC ৰ প্ৰতিমূৰ্তি দাহ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্বলগান দি প্ৰতিবাদ সাব্যস্ত কৰে ।

NHPC য়ে বলপূৰ্বকভাৱে গোপনে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য চলাই থকাৰ বিৰুদ্ধে আৰু কেন্দ্ৰীয় চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ স্থলীৰপৰা কেন্দ্ৰীয় চৰকাৰক লখিমপুৰ জিলা আছুৱে কঠোৰ সকিয়নী প্ৰদান কৰে।

জিয়াউল আলী, লখিমপুৰ