শিৱসাগৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি বুঢ়ি আইৰ সাধু অতি শীঘ্রেই প্রকাশ পাব ধাৰাবাহিকৰ ৰূপত৷
উল্লেখ্য যে, ৰাজেশ ম’ৰৰ পৰিচালনাত শিৱসাগৰ আৰু দাঁতিকাষৰীয়া গ্ৰাম্যাঞ্চলত বৰ্তমান দৃশ্যগ্রহণ চলি আছে, ‘ৰসৰাজ কী ৰসভৰী কথাএ’ শীৰ্ষক হিন্দী ধাৰাবাহিকখনত বেজবৰুৱাৰ সাধুকথা পুথি খনৰ পৰা পাঁছটা সাধু ধাৰাবাহিকখনত প্রকাশ পাব, সাধু কেইটা হৈছে ‘দুই বুধিয়ক’, ‘পাচনী’, ‘কুকুৰীকণা’, লটকণ’, ‘সেউতি’ উক্ত ধাৰাবাহিকখনৰ কাহিনী-চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰিছে বলিউডত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা শিৱসাগৰৰ যুৱক অভিজিৎ গগৈয়ে৷
আনহাতে আৰু দৃশ্যসজ্জাৰ নিৰ্দেশনা ভাস্কৰ্য-শিল্পী ৰূপম বেজবৰুৱা বুলি জানিব পৰা গৈছে৷
ধ্রুৱজ্যোতি বড়া,শিৱসাগৰ