ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱে বিতৰ্কিত মাজত সোমোৱা কোনো নতুন বিষয় নহয়৷ পুনৰ নিজৰ মন্তব্যৰে বিতৰ্কিত মাজত সোমাই পৰিল লালু প্ৰসাদ৷ ২০১৯ চনত হ’বলগীয়া নিৰ্বাচনীৰ আগতেই মোদীৰ বিৰুদ্ধে  প্ৰধানমন্ত্ৰী পদৰ বাবে কোনো প্ৰাৰ্থীৰ নাম লোৱা উচিত নহয় বুলি কয় লালুৱে৷ সকলো নেতাই একেলগে আলোচনা কৰিলে পাঁচ মিনিটত প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য নেতা কোন তাৰ বিচাৰ কৰি উলিয়াব পাৰিব বুলি লালু প্ৰসাদে প্ৰকাশ কৰে৷ লালু প্ৰসাদৰ মতে গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে মোদীয়ে সাধাৰণ জনতাক কৰা প্ৰতিশ্ৰুতি, লগতে প্ৰতিশ্ৰুতি দিয়া কিমান বিষয়ত পূৰ্ণ কৰিছে আৰু জনতাই সেই বিষয়ত কিমান লাভ কৰিছে৷

দেশৰ বেছিভাগে দলেই মোদীৰ বিৰুদ্ধে থিয় দিয়াৰ অভিযানত লগ দিব বুলি লালুৱে বিশ্বাস কৰে ৷ লগতে সময়ত অভিযানৰ বাবে কোন দল আগবাঢ়ি আহে তাৰ অপেক্ষা কৰিবলৈ কয় লালু প্ৰসাদে৷ 

‘‘মই নীতিশ কুমাৰ নহয় ভয় কৰিবলৈ’’ বুলি আকৌ এক মন্তব্য প্ৰকাশ কৰে লালুৱে৷ আৰজেডিয়ে দৰিদ্ৰ, দলিত দৰিদ্ৰ লোক আৰু কৃষকসকলৰ বাবে যুজঁ কৰে লগতে লালুৱে নীতিশৰ দৰে হাপ মানিব নোখোজে৷আদালতকৈ উচ্চ আসনত ভগৱানৰ বিষয়ে কোৱা লালুৱে পৰাজয় স্বীকাৰ কৰিব নোখোজে৷  

বৰ্তমানে মোদীৰ হত্যাৰ চক্ৰান্তৰ ঘটনাক লৈ যেন চাৰিওফালে বিয়পি পৰিছে৷ মাওবাদী সম্বন্ধিত লোকক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে লালুয়ে ভুৱা বুলি কয়৷ দেশত জৰুৰীকালিন অৱস্থা কৰিবলৈ এইবোৰ বুদ্ধি সাজি উলিয়াইছে বুলি কয় লালুৱে৷ লগতে কয় যে দেশত উদ্ধত শাসন ব্যৱস্থা অগ্ৰসৰ গতিত আছে৷ 

ঝাৰখাণ্ডৰ উচ্চ ন্যায়ালয়ৰ পৰা চিকিৎসাৰ বাবে অস্থায়ী ৰূপত জামিন লাভ কৰে লালুৱে৷ জামিনৰ সময় বঢ়াই নিদিয়াৰ হেতুকে ২৯ আগষ্টত আদালতৰ সমক্ষে আত্মসমৰ্পণ কৰিবলৈ লালু প্ৰসাদে ৰাঞ্চীলৈ ৰাওনা হয়৷ হাস্পতালত আৰাম কৰিবলৈ ইচ্ছা নকৰে লালুৱে৷ যাৰ বাবে ন্যায়াপালিকাৰ ওপৰত বিশ্বাস ৰাখি অপেক্ষা কৰিছে৷উল্লেখযোগ্য যে পাটনা বিমানবন্দৰত সংবাদদাতাই কৰা প্ৰশ্নৰ উত্তৰত বিহাৰৰ আইন শৃংখলা নহয় তথা অৰাজকতাই বিৰাজ কৰা বুলি কয় লালু প্ৰসাদে৷