newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱে কিছু দিনৰ বাবে কাৰাগাৰৰ পৰা মুক্ত হৈ সকাহ লাভ কৰিছে৷ ৰাঁচী উচ্চ ন্যায়ালয়ে লালুৰ শাৰীৰিক অসুস্থতালৈ লক্ষ্য ৰাখি ৬ সপ্তাহৰ বাবে চিকিৎসাৰ বাবে জামিন প্ৰদান কৰে। কিন্তু এই মুক্তি প্ৰক্ৰিয়াৰ আবেদন আদালতৰ মজিয়াত স্তব্ধ হৈ ৰোৱাত দুদিন ধৰি নিৰাশাৰ মাজত অপেক্ষা কৰিবলীয়া হয় লালুৱে৷ শেষত দুটা নিশা কাৰাগাৰৰ ভিতৰত কটোৱাৰ পিছত বুধবাৰে লালুৰ সাময়িক মুক্তিৰ আবেদনত ৰায় দিয়ে ৰাঁচী আদালতে৷

প্ৰকৃততে আৰজেডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক সাময়িক মুক্তি প্ৰদান কৰাৰ পিছতো মুক্তি প্ৰক্ৰিয়া কাৰ্যকৰী কৰাত পলম হোৱা বাবে লালুৱে ঘৰলৈ উভটিব পৰা নাছিল৷ ৰাঁচী আদালতে লালুৰ মুক্তি পত্ৰ চিবিআইলৈ প্ৰেৰণ কৰিব নোৱাৰাত লালুৰ মুক্তি প্ৰক্ৰিয়া চিবিআইত স্থগিত হৈ ৰয়৷ কিন্তু বুধবাৰে চিবিআই আদালতে লালুৰ জামিনৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি লালুৰ মুক্তি নিশ্চিত কৰে৷ 

জানিব পৰা মতে, লালু প্ৰসাদ যাদৱৰ অধিবক্তাই জামিনৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰে৷ সোমবাৰে লালুৰ ৩ দিনৰ সাময়িক মুক্তিৰ দিন সমাপ্ত হোৱাৰ পিছত লালু পাটনাৰ পৰা ৰাঁচী আদালতত উপস্থিত হয়৷ আনহাতে লালুৰ অধিবক্তাগৰাকীয়ে মঙলবাৰে লালুক জামিনত মুক্তি প্ৰদান কৰা হ’ব বুলি আশ্বস্ত হ’লেও কিন্তু মঙলবাৰে লালুৰ মুক্তি চিবিআইৰ আদালতত স্থবিৰ হৈ ৰয়৷

লালু প্ৰসাদ যাদৱে সোমবাৰ আৰু মঙলবাৰ দুটা দিন কাৰাগাৰৰ ভিতৰত কটায়৷ ইফালে লালুৰ কাৰাবাসৰ পিছতে ৰাজনৈতিক মহল উত্তপ্ত হৈ পৰে৷ আৰজেডিৰ নেতা ৰঘুবংশ যাদৱে লালু প্ৰসাদৰ জামিনত প্ৰক্ৰিয়াত পলম হৈ থকা বাবে চৰকাৰক দোষী সাব্যস্ত কৰি চৰকাৰে লালু প্ৰসাদ যাদৱক হত্যাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে৷  

ইফালে লালুৰ জামিন প্ৰক্ৰিয়া চিবিআইৰ আদালতত সম্পূৰ্ণ হোৱাৰ পিছত বুধবাৰে লালুৱে মুক্তি লাভ কৰি ৰাঁচীৰ পৰা পাটনালৈ ৰাওনা হোৱাৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে৷