ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱাৰ ভাগতে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সেনাৰ গুলীত নিহত হয় লস্কৰ-ঈ-তৈবাৰ কাশ্মীৰৰ প্ৰধান আবু দুজানা।

সেনাৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠনটোৰ আৰু এজন সদস্য নিহত হয়। এই সদস্যজন হৈছে আৰিফ লিলহাৰি। এই দুয়োজন নিহত হোৱাৰ লগতে সেনাই কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে আৰু দুজনকৈ সন্ত্ৰাসবাদী সদস্যক।

চোৰাংচোৱা সূত্ৰৰ খবৰ অনুযায়ী পুলৱামাৰ হাকৰিপোৰা গাঁৱত অভিযান চলাই সেনাবাহিনীয়ে। সূত্ৰটোৱে উক্ত গাঁওখনত এদল সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ দিছইল।

সংবাদ প্ৰতিষ্ঠান পিটিআই-ক দিয়া সাক্ষাৎকাৰত আৰক্ষীয়ে সদৰী কৰিছে যে গোপন সূত্ৰৰ পৰা খবৰ পোৱা মাত্ৰকে সেনা আৰু আৰক্ষীৰ দল এটাই সমগ্ৰ অঞ্চলটো ঘেৰি লৈ অভিযান আৰম্ভ কৰে। তেতিয়াই সেনাৰ ওপৰত গুলী চলাবলৈ আৰম্ভ কৰে সন্ত্ৰাসবাদী দলটোৱে। লগে লগে সেনায়ো প্ৰত্যুত্তৰ দিয়ে।

উত্তৰ পাকিস্তানৰ বাসিন্দা দুজানা ওৰফে হাফিজ লস্কৰ-ঈ-তৈবাৰ ডিভিজনেল কমাণ্ডাৰ আছিল বুলি জানিবলৈ দিছএ সেনাই। সেনা বাহিনীৰ হিটলিষ্টত আছিল নিহত দুজানা। কোনো লোকে দুজানাৰ সম্ভেদ দিব পাৰিলে ১৫ লাখৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল।

ইয়াৰ পূৰ্বে এক স্থানত দুজানাক প্ৰায় ধৰিবলৈ সমৰ্থ হৈছিল যদিও উন্মত্ত জনতাই সুৰক্ষা দিয়াত পলায়ন কৰিছিল।