ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মহাভাৰতৰ যুগৰ পৰাই ইণ্টাৰনেট সেৱা আছিল বুলি বিতৰ্কৰ সূচনা কৰাৰ পিছত এইবাৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এটা মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে। ৰাজনাথ সিঙে ৰাম আৰু কৃষ্ণই ৰাজনীতি কৰিছিল বুলি কৈ ৰাজনীতি কোনো নতুন কথা নহয় বুলি কয়। 

শনিবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ এখন দলীয় সভাত অংশ লৈ এই মন্তব্য প্ৰকাশ কৰি সিঙে কয় ‘‘দেশ স্বাধীন হোৱাৰ পূৰ্বৰ পৰাই ৰাজনীতি কৰা হৈছিল৷ ভগৱান ৰাম আৰু ভগৱান কৃষ্ণই ৰাজনীতি কৰিছিল৷ ভগৱান ৰামৰ ৰাজনীতিৰ উদ্দেশ্যে আছিল ‘ৰামৰাজ’ প্ৰতিষ্ঠা কৰাৰ বাবে আৰু কৃষ্ণই ধৰ্মৰ বাবে ৰাজনীতি কৰিছিল৷’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰ্কিত কথা কোৱাৰ পৰা বিৰত থাকিবলৈ নেতা, সাংসদ, বিধায়কক পৰামৰ্শ দিয়া বুলি খবৰ প্ৰচাৰ হৈছিল৷ তাৰ পিছতো বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি বিতৰ্কৰ সৃষ্টি কৰি আহিছে নেতাসকলে৷ ইয়াৰ পূৰ্বে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মহাভাৰতৰ যুগত ইণ্টাৰনেট আৰু ছেটেলাইট ফোন আছিল বুলি দাবী কৰিছিল৷ 

তাৰ লগে লগে বিশ্ব সুন্দৰী ডায়েনা হেডেনক বিশ্ব সুন্দৰী হোৱাৰ যোগ্য নাছিল বুলি কোৱাৰ লগতে নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰে বিপ্লৱ দেৱে৷ যাক লৈ ছচিয়েল মিডিয়াত ব্যাপক বিতৰ্কৰ সৃষ্টি হয়৷ তাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ গংৱাৰে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি দুই এটা ধৰ্ষণ কাণ্ড হ’বই বুলি কৈ ইয়াক লৈ ইমান চিঞৰ-বাখৰ কৰিব নালাগে বুলি কৈছিল৷