newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে বিজেপিৰ আক্ৰমণ কৰি তীক্ষ্ণ মন্তব্য প্ৰকাশ কৰে৷ বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টীক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰে৷ তেওঁ কয়, ‘তৃণমূল কংগ্ৰেছ বিজেপিৰ দলে সন্ত্ৰাসবাদী সংগঠন নহয়৷’ 

আনহাতে বিজেপিয়ে কেৱল খ্ৰীষ্টান আৰু মুছলমান সকলকে নহয়, হিন্দু সকলৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিছে বুলি দাবী কৰে মমতা বেনাৰ্জীয়ে৷

বেনাৰ্জীয়ে বিজেপিক আক্ৰমণ কৰি কয়, ‘বিজেপিয়ে মানুহক হত্যা কৰি আছে৷ সাবধান হওক৷’ বিজেপিয়ে ইভিএম মেছিনৰ ক্ষেত্ৰতো বিসংগতিৰ সৃষ্টি কৰে বুলি মন্তব্য কৰি আগন্তক ৩ মাহৰ পৰা ৬ মাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে সকলোকে সাবধনতা অৱলম্বন কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে৷  

তৃণমূল কংগ্ৰেছৰ দলীয় বৈঠকত এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে বশ্চিম বংগৰ বিজেপি প্ৰধান দিলীপ ঘোষে তৃণমূল কংগ্ৰেছক দাবী ধমকি দি ভিতী প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল৷ পিছত বিজেপি নেতা গৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে পশ্চিমবংগ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰে৷

তৃণমূল কংগ্ৰেছৰ নেতাসকলক ভিতী প্ৰদৰ্শন কৰি প্ৰদেশখনৰ বিজেপি প্ৰধান দিলীপ ঘোষে কৈছিল, যি সকল নেতাই বংগত অশান্তি সৃষ্টি কৰি আছে, তেনে নেতাসকল অতি সোনকালে জেইলত আবদ্ধ হ’ব নাইবা এনকাউন্টাৰ কৰি তেওঁলোকক মাৰি পেলোৱা হ’ব৷