ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিৰোধৰ লক্ষ্যৰে বিৰোধী ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে মিত্ৰজোঁটৰ ন ন অংক৷ দেশৰ প্ৰগতিৰ স্বাৰ্থত তথা দেশৰ জনতাক ৰাজনৈতিক জ্ঞানেৰে সচেতন কৰি তোলাৰ লক্ষৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে পুৱাই দেশৰ ৰাজধানীত উপস্থিত হৈ বিৰোধী দলৰ সৈতে বৈঠকৰ আয়োজন কৰে৷ 

মমতাই বিৰোধীৰ সৈতে বৈঠকত মিলিত হোৱাৰ মূল উদ্দেশ্যই হৈছে মিত্ৰশক্তি গঠন কৰি বিজেপিয়ে দেশত চলাব খোজা একনায়কত্ববাদক অৱসান ঘটোৱা৷ মমতাৰ নেতৃত্বত অনুষ্ঠিত এই বিষয়ত কোন কোন বিৰোধী দলে অংশ লৈছে তাক বৰ্তমানলৈকে জানিব পৰা নাই৷ 

দিল্লীত অনুষ্ঠিত বৈঠকৰ পূৰ্বে বেনাৰ্জীয়ে, অন্ধ্ৰ প্ৰদেশৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে দেখুওৱা অংসবেদনশীল মনোভাৱকলৈ বিজেপিক কটাক্ষ কৰে৷ মমতাই টুইটত কয়, চন্দ্ৰবাবু নাইডুৱে সঁচা কথাই উনুকিয়াই দিছে৷ ইয়াৰ বাবে নাইডুক মই সমৰ্থন কৰিছোঁ৷ বহুত ভাল হৈছে, কিয়নো দেশত বহুত এনে তথাকথিত নেতা আছে যি, মিছাৰ আশ্ৰয়তে চলি আছে৷ যিটো তেওঁলোকৰ অভ্যাসত পৰিণত হৈছে৷ বিজেপিয়ে ৰাজ্যখনক ভাবুকি দিয়াৰ চেষ্টা চলাইছে৷ এইবোৰক মিছা ‘সংঘবাদ’ আখ্যা দিয়ে মমতা বেনাৰ্জীয়ে৷ 

উল্লেখ্য যে, বিজেপি চৰকাৰৰ অন্যতম সহযোগী টিডিপি দলে দীৰ্ঘদিন ধৰি অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছিল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই দাবী পূৰণ নকৰাত চন্দ্ৰবাবু নাইডুৰ দল টিডিপিয়ে এনডিএ-বিজেপি মিত্ৰজোঁটৰ পৰা আঁতৰি আহে আৰু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ প্ৰতি 'বিজেপি অসংবেদনশীল' বুলি মন্তব্য কৰিছিল৷

আনহাতে মমতা বেনাৰ্জী আৰু তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ অধ্যক্ষ কে. চন্দ্ৰশেখৰ ৰাৱৰ মাজত মিত্ৰতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ সময়তে কংগ্ৰেছে মন্তব্য কৰে৷ কংগ্ৰেছৰ অবিহনে বিৰোধী দল আধৰুৱা৷ এই মন্তব্য আগবঢ়াই কংগ্ৰেছৰ জ্যেষ্ঠ তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৌহানে৷ কংগ্ৰেছ যিদৰে এক আধাৰ ঠিক সেইদৰে বিজেপি দ্বিতীয় আধাৰ৷ 

কংগ্ৰেছৰ অবিহনে বৰ্তমান বিৰোধী দল গঠন কৰাটো একেবাৰে অসম্ভৱ৷ কংগ্ৰেছে বৰ্তমান কিমান বিৰোধী দলৰ সৈতে মিত্ৰতা কৰিব পাৰে তাৰ প্ৰতি ধ্যান দিয়াটো উচিত বুলি কয় চৌহানে৷ লগতে কংগ্ৰেছৰ সৈতে এনচিপিয়েও মিত্ৰতা কৰাৰ কথা জনিবলৈ৷ 

তদুপৰি আগন্তুক লোকসভা আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ গাত ভেজা দি নিৰ্বাচনী বৈতৰণী পাৰ কৰিবৰ বাবে সাজু হৈছে এনচিপি দল৷ এই কথা খোদ ঘোষণা কৰিলে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে৷ পাৱাৰে শনিবাৰে জানিবলৈ দিয়া মতে, আগন্তুক লোকসভা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত সম-বিচাৰধাৰাৰ দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত যুঁজ দিব৷ উল্লেখ্য যে, বিগত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এনচিপিয়ে এককভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷