ডিজিটেল ডেস্কঃ দুদিন পূৰ্বে ২০১৯ চনৰ লোক সভা নিৰ্বাচনত বিজেপিক ফিনিচ কৰাৰ হুংকাৰ দিয়া পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমত বেনাৰ্জীয়ে এইবাৰ বিজেপিক শাসনৰ পৰা খেদিবলৈ সকলো কৰিবলৈ সাজু থকা বুলি কয়৷ ২০১৯ চনত বিজেপি ফিনিচ হ’ব বুলি কোৱাৰ পিছতেই শাসকীয় দল বিজেপিক শাসনৰ পৰা আঁতৰাবৰ বাবে সকলো কৰিবলৈ সাজু আছো বুলি কয় মমতাই।
দেশৰ বৰ্তমানৰ চৰকাৰ খনে জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হৈ অহা বুলি কয় মমতাই। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক হৰুৱাবৰ বাবে সকলো বিজেপি বিৰোধী দল একত্ৰিত কৰাৰ প্ৰয়াস কৰিম বুলি কয়। পশ্চিং বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় ৰাজনীতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে এনচিপি নেতা প্ৰফুল্ল পেটেলক সাক্ষাৎ কৰে৷
মমতাক সাক্ষাৎ কৰি প্ৰফুল্ল পেটেলে কয়, ভৱিষ্যৎ এক মৰ্চা গঠন কৰাৰ বাবে আলোচনা কৰা হয়৷ আমি এই প্ৰয়াসৰ আৰম্ভণি কৰিম৷ মমতাই এই ক্ষেত্ৰত বহু সুখী৷ নেতৃত্বক লৈ চৰ্চা হ’ব নালাগে৷ বিচাৰ কেন্দ্ৰ চৰকাৰ সলনি কৰাৰ বাবে বিকল্পৰ সন্ধান কৰিব লাগে৷ বহু আলোচনা অনুষ্ঠিত হ’ব৷
আনহাতে আলোচনা সন্দৰ্ভত মমতাই কয়, যিকোনো পদক্ষেপ উঠাব লাগিব৷ আমি বিজেপিৰ বিৰুদ্ধে যুদ্ধৰ বাবে সকলোকে একত্ৰিত কৰিব খুজিছো৷ আমি সকলো প্ৰকাৰৰ সহায় কৰিম৷ কাৰোবাৰ শাসনৰ গাদী, কাৰোবাৰ চকীৰ লালসা নাই৷ মই সকলোকে সহায় কৰিম৷ মই বিজেপি বিৰোধী দলৰ সৈতে আলোচনা কৰিম৷ যাতে আমি লগ লাগি কাম কৰিব পাৰো৷ এয়া বৃহৎ যুদ্ধ৷