India Today - India Today Group
India Today - India Today Group

কলকাতাঃ পশ্চিম বংগৰ বাতৰি কাকতত অসমৰ এনআৰচিৰ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ NRCক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰাৰ পিছতে বৃহস্পতিবাৰে পশ্চিম বংগৰ প্ৰতিখন কাকতত বৰ বৰ হৰফেৰে অসমৰ এনআৰচি তথা মমতা বেনাৰ্জীৰ মন্তব্য সন্দৰ্ভত বিশেষ গুৰুত্ব দি কাকত সমূহে বাতৰি প্ৰকাশ কৰে৷ মমতা বেনাৰ্জীয়ে ১ কোটি ৩০ লাখ বাঙালীক অসমৰ পৰা খেদাৰ চক্ৰান্ত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি এখন সভাত প্ৰকাশ কৰাৰ পিছতে অসমত মমতাৰ মন্তব্যক দায়িত্বহীন মন্তব্য বুলি কব খোজে একাংশ লোকে।

বিদেশী চিনাক্তকৰণৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত চলি থকা NRC উন্নীতকৰণ প্ৰক্ৰিয়াক বিজেপিৰ বাংলাভাষী খেদাৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰাত মমতা বেনাৰ্জীৰ মন্তব্যই অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এজন বাংলাভাষী যদি অসমৰ পৰা খেদা হয় তেন্তে তাৰ মূল্য ভৰিব লাগিব বিজেপিয়ে৷ অসমৰ বিজেপি চৰকাৰে জুইৰ সৈতে যাতে খেলা নকৰে৷ এই খন দেশ সকলোৰে৷

শান্তি বজাই ৰখাৰ দায়িত্ব তেওঁলোকৰে৷ তেওঁলোকে যাতে ভুল নকৰে অসমৰ সীমান্তত বাংলা আছে৷ এনেদেৰ ভাষণ আগবঢ়ায় মমতা বেনাৰ্জীয়ে৷ নগাৰিক পঞ্জীৰ প্ৰথম খন খচৰা প্ৰকাশ হোৱাৰ সময়তে খচৰাত বহু বাঙালীৰ নাম নাই বুলি সন্দেহ কৰা মমতাই৷ যাৰ বাবে অসমত আতংকৰ সৃষ্টি হোৱা বুলি কয় মমতাই৷ এজন লোকে আত্মহত্যা কৰাৰ কথাও ৰাজহুৱা কৰে৷

বহু লোকে অন্য ৰাজ্যলৈ ঢাপলি মেলা বুলি কয় মমতাই৷ পশ্চিম বংগৰ বিৰভূমৰ আহমেদপুৰত এখন ৰাজহুৱা সভাত মমতাই আৰু কয়, ৰাজ্য চৰকাৰে এন আৰচিৰ দ্বিতীয় তালিকা ওলাব বুলি কৈছে৷ কি ঠিক দীৰ্ঘদিনৰ পৰিকল্পনাৰ অন্তত বাঙালীক খেদাৰ প্ৰক্ৰিয়া এনেদৰেই আৰম্ভ কৰিব পাৰে৷ এই সকল বাঙালী মুক্তি যুদ্ধৰ সময়ৰ বাংলাদেশৰ পৰা আহি পৰাই অসমত আছে৷

অসমত আমাৰ ঘৰৰ বাঙালী সকলৰ যন্ত্ৰণা হৈছে৷ ৩০-৪০ বছৰ ধৰি যিয়ে বাস কৰি আছে তেওঁলোকক এতিয়া বাদ দিব বিছৰা হৈছে৷ তেন্তে ১ কোটি ৩০ লাখ মানুহ যাব কলৈ৷ ইতিমধ্যে তালিকাত নাম নাই বাবে এজনে আত্মহত্যা কৰিছে৷ ইচ্ছা কৰি বাঙালীৰ নাম তালিকাৰ পৰা কাটিছে৷ এই কথা মানি নলওঁ৷ বিজেপি চৰকাৰক স্পষ্ট কৰি দিছো জুইৰ সৈতে খেলা নকৰিব৷ আমাৰ ঘৰৰ মানুহৰ দেহত হাত উঠিলে আমি কি কৰিম বুজি নাপাম৷ আমাৰ চৰকাৰ মানুহৰ চৰকাৰ৷ আমি সকলো ধৰ্ম, সকলো ৰাজ্যৰ লোকৰ সৈতে আছো৷

এয়াই ভাৰতবৰ্ষ৷ অসমৰ কোনো লোক বাংলাত (পশ্চিম বংগত) আহিলে বুকুৰ আপোন কৰি ৰাখিম৷ আমাৰ কোনো লোক গলে তেওলোকে ৰাখিব লাগিব৷ এয়াই হোৱা উচিত৷ সকলো ৰাজ্যৰ মনাহ সকলো ৰাজ্যত আছে৷ বাংলাত সকলো ৰাজ্যৰ মানুহ আছে৷ এইটো তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ৷ আমি কাকো কব নোৱাৰো তুমি গুচি যোৱা বুলি৷ কিন্তু বিজেপিয়ে জুইৰ সৈতে খেলা কৰা আৰম্ভ কৰিলে৷ অসমৰ সীমান্তত বাংলা আছে৷ যদি অসমৰ পৰা মানুহ উভতি আহে তাৰ দায়িত্ব কোনে লব৷

অসম ইচ্ছ্যুত আমি প্ৰতিবাদ কৰিম৷ আমি প্ৰবল প্ৰতিবাদ কৰিম৷ আমি কেতিয়াও এই কথা মানি নলওঁ৷  বৃহস্পতিবাৰে সংসদ ভৱনত আন্দোলন আৰম্ভ হ’ব৷ বিজেপিয়ে এতিয়াই কব নে বাঙালীসকল কত থাকিব৷ বাংলাই একতাৰ কথা কয়৷

আমি মন্দিৰত যাওঁ, মছজিদত যাওঁ, গিৰ্জাত যাঁবলৈ কেতিয়াও লজ্জাবোধ নকৰো৷ সকলোকে লৈ চলিব জানিব লাগিব৷ আমাৰ বুকুত সাহস আছে৷ সকলোকে লৈ চলিব জানিব লাগিব৷ মনত ৰখা ভাল বাংলা সম্প্ৰীতিৰ ভূমি ৷ আমি অধৰ্মৰ বিৰুদ্ধে৷ তেওঁ হিন্দু হলে ৰামৰ পূজা কৰে ৰাৱণৰ নহয়৷ সীতাক পূজা কৰো কিন্তু মন্থৰাক নহয়৷ মানুহ বিপদত পৰিলে আমি আছো৷ কিন্তু আমি অসমৰ পৰা বঙালী খেদাটো কেতিয়াও মানি নলওঁ৷