ডিজিটেল ডেস্কঃ হত্যাকাৰীৰ শাস্তি কি হোৱা উচিত? বছৰৰ পিছত বছৰ ধৰি বিচাৰ নে চৰম শাস্তি? এই লৈ নিশ্চয় বিতৰ্কৰ অৱকাশ আছে। দেশ ভেদে বেশ। প্ৰতিখন দেশতে এই লৈ আছে সুকীয়া আইন।

ভাৰতীয় আইনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। কিন্তু য়েমেনত? এই ক্ষুদ্ৰ দেশখনত ধৰ্ষণ আৰু হত্যাৰ শাস্তি কি সেয়া হয়তো বহুতেই নাজানে।

দিনদিয়েক পূৰ্বে মহম্মদ আল মাঘবৰি নামৰ এজন ৪১ বৰ্ষীয় লোকে এটি তিনি বছৰীয়া শিশুক হত্যা কৰি ধৰ্ষণ কৰিছিল। লগে লগে বিষয়টো আদালতৰ মজিয়া পায়। আদালতে ৰাইজৰ সমুখতে শীঘ্ৰে বিচাৰ আৰম্ভ কৰে।

সকলো সাক্ষ্য-প্ৰমাণ চালি-জাৰি চোৱাৰ অন্তত দোষী সাব্যস্ত হয় মাঘবৰি। দোষী মাঘবৰিক দেশখনৰ আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ পিছতে পিছফালে হাত বান্ধি হত্যাকাৰী লোকজনক তাহৰিৰ স্কোৱেৰত হাজাৰ হাজাৰ লোকৰ সমুখত থিয় কৰায় স্থানীয় প্ৰশাসনে।

তাৰপিছতে ৰাজপথত লোকজনক লৈ নিন্দা সমদল উলিয়াই এখন কম্বল গাত মেৰিয়াই দিয়া হয়। কম্বলখন মেৰিয়াই দিয়েই এটাৰ পিছত এটাকৈ ৫টাকৈ গুলী এৰে আৰক্ষীয়ে। লগে লগে মৃত্যু হয় মাঘবৰিৰ।

এই শাস্তি প্ৰদানৰ পিছতে মাঘবৰিৰ হাতত নিহত কন্যা শিশুটিৰ পিতৃ আল-মাতাৰিৰে সংবাদ মাধ্যমক কয়, 'এই নৰাধমজনক গুলী কৰাৰ পিছত এনে ভাব হৈছে যেন আমি পুনৰ জন্ম লাভ কৰিলো। এতিয়া অলপ হ’লেও শান্তি পাইছো।’