.ডিজিটেল ডেস্কঃ উত্তৰ-পূবাঞ্চলৰ সৰ্বহাৰাৰ নেতা ৰূপে জনাজাত মাণিক সৰকাৰৰ ২৫ বছৰীয়া দুৰ্গৰ অৱসান ঘটিল৷ ৰাজনীতিত মুখ থেকেচা খালেও ৰাজনীতিৰ ইতিহাসৰ পাট লুটিয়ালে মাণিক সৰকাৰৰ নাম জলজল পটপট হৈ ওলাই পৰিব৷ শণিবাৰে ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত চিপিআইএম দলে পৰাজয় বৰণ কৰে যদিও সংবাদমাধ্যমত মাণিক সৰকাৰৰ চৰ্চা অব্যাহত আছে৷

 

 

পৰাজয়বৰণ কৰাৰ পিছত ২৫ বছৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত মাণিক সৰকাৰে দেওবাৰে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে৷ জনতাৰ এই ৰায়ক মই সন্মান জনাইছোঁ- সৰকাৰে কয়৷ মাণিক সৰকাৰে লগতে কোনো এটা সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰি লোৱা হ’ব বুলিও  কয়৷ 

নতুন চৰকাৰ গঠন হোৱাৰ পিছত কেনেধৰণৰ কাৰ্যপন্থা হাতত ল’ব বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত সৰকাৰে কয়, মোৰ ভূমিকা কেৱল ত্ৰিপুৰাতে সীমাবদ্ধ হৈ নাথাকে৷ মই প্ৰতিটো মুহূৰ্ততে কেৱল দুখীয়াৰ হকে  কাম কৰি আহিছোঁ আৰু কৰি যাম৷ দৰিদ্ৰজনে সমুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে সদায় মাত মাতি যাম, যাৰ জৰিয়তে ত্ৰিপুৰাৰ সাধাৰণ জনতাই নিজৰ ভৰিত থিয় দিব পাৰে৷ 

ইয়াৰোপৰি ভোটিং মেচিনত হ’ব পৰা বিসংগতিৰ ওপৰত সৰকাৰৰ ধাৰণা কি বুলি সুধিব বিচাৰোঁতে তেওঁ সেয়া অস্বীকাৰ কৰি কয়, বিজেপি দলে নিৰ্বাচনত ধন-বলৰ প্ৰয়োগ কৰিছে৷ উল্লেখ্য যে শণিবাৰে নিৰ্বাচনৰ ভোট গণনা কৰি থকাৰ সময়তে পৰিস্ফুট হৈ পৰিছিল যে বিজেপি আৰু আইপিএফটি মিত্ৰজোঁটে চিপিআইএমক পৰাজিত কৰিছে৷ এই মিত্ৰজোঁটে ৬০ খন আসনৰ ভিতৰত ৪৩ খন আসননেই অধিকাৰ কৰে৷