মৰিয়নীঃ ক্ৰমাৎ মৰিয়নীত বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ লুটপাতৰ ঘটনা৷ আৰক্ষীয়ে চহৰখনত নিশা তহল দিয়াৰ পাছতো চোৰৰ এটা দলে অব্যাহত ৰাখিছে তাণ্ডৱ৷
আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰা চোৰৰ দলটোক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে৷ মৰিয়নী থানা চৌহদৰ সন্মুখতে থকা এখন দোকানৰপৰাও চোৰে লুটি নিলে সামগ্ৰী৷
শেষত বৃহস্পতিবাৰে মাজনিশা মৰিয়নীৰ নগৰত এটা তিনিজনী কিশোৰৰ দলক অনাইবনাই ঘূৰি ফুৰা দেখি স্থানীয় লোকৰ সন্দেহ হোৱাত যুৱকৰ দলটোক সোধাপোচা কৰাত ওলাই পৰে প্ৰকৃত কথা!
বিগত বছৰৰ শেষৰপৰা আৰম্ভ কৰি চলিত বছৰৰ এতিয়ালৈকে নগৰখনৰ প্ৰায় ১০/১২ খন সৰু- ডাঙৰ দোকানত চুৰি কৰি ধৰা নপৰাকৈ আছিল দলটো৷ বৃহস্পতিবাৰে গুৰু বেয়া আছিল এই তিনি চোৰৰ৷
পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিত হোৱাত আৰক্ষীক চমজাই দিয়া হয় চোৰকেইটাক৷ চোৰ তিনিটাই কঠালগুৰি চাহ বাগিচাৰ ৰঞ্জিত নায়ক (১২), সোনোৱাল চাহ বাগিছাৰ অভিজিৎ তাচা (১৪) আৰু হাতীজুৰী চাহ বাগিচাৰ গণেশ চাওৰা বুলি নিজৰ পৰিচয় দিয়ে৷
চোৰ কেইটাই প্ৰকাশ কৰে যে সিহঁতে জুৱা খেলিবলৈ এই বৃত্তিত নামি পৰিছিল৷ লগতে মৰিয়নীৰ গান্ধী নগৰ, ৰে’লৱে কলনী, শিলিখা চাহ বাগিচা, কঠালগুৰি চাহ বাগিচা, সোণোৱাল চাহ বাগিচা, কাটনীবাৰী চাহ বাগিচাকে ধৰি সকলোতে প্ৰতিদিনে চলি আছে জুৱাৰ বৃহৎ আড্ডা৷
এইসমূহ খেলক দাবল গুটি বুলি কয়৷ কেৱল মৰিয়নীতে সিমাবদ্ধ নাই এই নিষিদ্ধ জুৱা খেলা। তিতাবৰৰপৰা আহি মৰিয়নীৰ বিভিন্ন ঠাইত নিজ নিজ এজেণ্টৰ যোগেদি বিয়পাইছে জুৱা খেল৷
ফলস্বৰূপে মৰিয়নীৰ এই কণ কণ কিশোৰকেইটাই যি সময়ত বিদ্যালয়লৈ যাব লাগিছিল সেই সময়ত চুৰি কৰি ৰঙা ঘৰৰ আলহী হ’ব লগা হৈছে৷
আৰক্ষীয়ে এই জুৱা, চুলাই মদ, বিলাতী সুৰাৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা লোৱা নাই কিয় বুলি সচেতন মহলে প্ৰশ্ন কৰিছে৷