জিতুমনি নাথ, মৰিগাঁওঃ বিভিন্ন ঘটনা-পৰিঘটনাৰে সততে বাতৰি কাকতৰ শিৰোনাম দখল কৰি অহা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অস্বাস্থ্যকৰ পৰিৱেশে ৰোগীৰ লগতে সৰ্বসাধাৰণক ভোগাই আহিছে যমৰ যাতনা।
ৰাজ্য চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ গৃহ জিলাত চিকিৎসাৰ নামত চলি থকা এই অৱস্থাই সৰ্বসাধাৰণৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে মৰিগাঁও অসামৰিক চিকিৎসালয়ত চলি থকা অৰাজকতা সন্দৰ্ভত ইতিমধ্যে বহু ঘটনা আৰু পৰিঘটনা তথ্য সহকাৰে সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে যদিও চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসালয়খনৰ সমস্যাসমূহ সমাধান কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই সৰ্বসাধাৰণৰ।
চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ গা এৰা দিয়া মনোভাবৰ বাবেই সম্প্ৰতি চিকিৎসালয়খনত থকা প্ৰস্বাৱগাৰ, শৌচাগাৰ, নলা-নৰ্দমা আদিৰপৰা অহা মাখি আৰু দুৰ্গন্ধই ৰোগীৰ অৱস্থা আৰু তথৈবচ কৰি তুলিছে। তদুপৰি চিকিৎসালয়খনৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখতে আজি পাঁচ দিন ধৰি এটা কুকুৰ মৰি গোটেই চৌপাশটোত এক দুগন্ধময় পৰিৱেশে বিৰাজ কৰি ৰখাৰ পাছতো মৃত কুকুৰটোক পেলাই দিবলৈ সক্ষম হোৱা নাই চিকিৎসালয়খনৰ কৰ্তৃপক্ষই।
ইফালে চিকিৎসালয়খনত ৰোগীৰ বাবে বিছনাৰ অভাৱ হোৱাত বাৰান্দাতে ৰোগীক চিকিৎসা কৰিবলগীয়া দৰে ঘটনাও সংঘটিত হৈছে। মূলতঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসন কালত সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত চিকিৎসালয়খনত এটা গৃহ নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমানলৈকে সেই গৃহটো মুকলি কৰিব নোৱাৰাত বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ পৰি আছে চিকিৎসালয়খনৰ উক্ত গৃহটো।
যাৰ ফলত নৱনিৰ্মিত গৃহটোৰ চাৰিওফালে এতিয়া আগুৰি ধৰিছে জংঘল আৰু কোঠাই কোঠাই একাংশ লোকে চলাই আছে মদ আৰু জুৱাৰ আদ্দা। আনহাতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই ছাডেন ভিজিতৰ জৰিয়তে মন্ত্ৰী পিয়ুষ হাজৰিকাই সাধাৰণ ৰাইজৰ মাজত এক চমক সৃষ্টি কৰিছিল। ছাডেন ভিজিতৰ সময়ত মন্ত্ৰী পিয়ুষ হাজৰিকাই নৱনিৰ্মিত গৃহটো শীঘ্ৰেই ব্যৱহাৰৰ উপযোগী কৰি তোলা হ’ব বুলি সাংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যদিও মন্ত্ৰী হাজৰিকাৰ ভাষ্য ঘোষণাতে বন্দী হৈ থাকিল।
বিশেষকৈ মৰিগাঁও জিলাৰ এক মাত্ৰ উন্নত চিকিৎসালয়খন উন্নয়নৰ ক্ষেত্ৰত মৰিগাঁওবাসীয়ে বহু আশা কৰিছিল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰপৰা। গৃহ জিলাখনৰ একমাত্ৰ চিকিৎসালয়খন উন্নয়নৰ ক্ষেত্ৰত মনে প্ৰাণে কামনা কৰা মৰিগাঁওবাসীৰ সপোন মন্ত্ৰী পিয়ুষ হাজৰিকাই দিঠকত পৰিণত কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া মৰিগাঁওবাসীৰ মাজত সৃষ্টি হৈছে এক প্ৰশ্ন।