newswnextone.com | গুৱাহাটীঃ যোৱা কেইবাটাও বছৰ ধৰি ৰাজ্যৰ সংবাদজগতত বিকল্প মাধ্যম হৈ থিয় দিয়া ৱেব মিডিয়াৰ সংবাদ গোষ্ঠী আৰু সাংবাদিকসকল বিভিন্ন সমস্যাৰে যুঁজ দি আহিছে৷ চৰকাৰে ৱেব মিডিয়াৰ সংবাদ গোষ্ঠী আৰু সংবাদিকসকলক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ সমগ্ৰ বিশ্বই আকোৱালি লোৱা ৱেব মিডিয়াৰ ধাৰণা অসমৰ গাঁৱে-ভূঞে আৰু চহৰত ব্যাপক জনপ্ৰিয় হৈ পৰিছে৷

ৰাজ্য খনত গতানুগতিক সাংবাদিকতাৰ ধাৰাক সলনি কৰি সংবাদ মাধ্যমৰ সৈতে সকলো প্ৰকাৰৰ লোকক জড়িত কৰাৰ এক প্ৰয়াস চলাই গৈছে ৱেব মিডিয়াই৷

গাঁৱৰ সমস্যা, মহিলাৰ সমস্যা, শিশু, সাধাৰণ মানুহৰ কণ্ঠ, দুৰ্নীতি, ভ্ৰষ্টচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অন্য এক সংগ্ৰাম কৰি গৈছে ৱেব মিডিয়া গোষ্ঠীসমূহে৷ ৱেব মিডিয়াৰ ধাৰণাই সমগ্ৰ বিশ্বৰ লগতে ভাৰতত তথা অসমত সাংবাদিকতাৰ ধাৰণা সলনি কৰিছে৷ সংবাদমাধ্যমক পুনৰ ৰাইজৰ ওচৰলৈ অনাৰ বাবে ৱেব মিডিয়াই বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

প্ৰতিগৰাকী লোকৰ ওচৰলৈ সংবাদ কঢ়িয়াই নিবলৈ সক্ষম হোৱা বেৱ মিডিয়াক অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগৰ মাজতে দেওবাৰে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত একত্ৰিত হ’ল ৰাজ্যৰখনত সক্ৰিয় হৈ কাম কৰি থকা ২০টাৰো অধিক ৱেব মিডিয়া গোষ্ঠী আৰু ৱেব মিডিয়াত সক্ৰিয় হৈ থকা সাংবাদিকসকল৷ 

ইণ্টাৰনেটৰ যুগত ছচিয়েল মিডিয়াত সংবাদ প্ৰচাৰ কৰাৰ ধাৰণাক আৰু গতিশীল কৰাৰ বাবে ৰাজ্যৰ প্ৰায় ২০টা সক্ৰিয় ৱেব মিডিয়া গোষ্ঠী আৰু জ্যেষ্ঠ সাংবাদিকে অংশ লৈ ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে৷ ৰাজ্যত সক্ৰিয় হৈ থকা প্ৰথম খবৰ, পাব্লিক প্ৰেছ, জনগণ নিউজ, জি-প্লাছ, এনই-ফকাছ, সংবাদ-৩৬৫, ই-টিভি ভাৰত, নৰ্থ ইষ্ট নাও, ইউবি ৱায়াৰ, ইনচাইড এনই, নিউজ নেক্সট ৱান, অসম সংবাদ, হিলছ্ টাইমছ্, টাইম এইট, আসাম ডট অৰ্গ, আসাম টাইমচ্, দ্যা নিউজ মিল আদি ৱেব মিডিয়াৰ সংবাদ গোষ্ঠীয়ে অংশ লয়৷

দিছপুৰ প্ৰেছ ক্লাৱত জ্যেষ্ঠ সাংবাদিক ৰাজেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা৷ সভাত স্বপ্নীল ভড়ালী, ৰঞ্জন বৰুৱা, জয়ন্ত ডেকা, মানস ৰয়, ওৱাহেদৰ ৰহমান, দুৰ্লভ গগৈ, বিশ্বজিৎ নাথ, মহেশ ডেকা, ৰঞ্জন বৰুৱা আদি জ্যেষ্ঠ সাংবাদিক তথা সংবাদ গোষ্ঠীৰ সৈতে জৰিত লোকে ভাষণ প্ৰদান কৰে৷ প্ৰতিগৰাকী বক্তাই ৰাজ্য চৰকাৰক ৱেব মিডিয়াৰ বাবে সুকীয়া আইন প্ৰণয়ন কৰাৰ বাবে আহ্বান জনায়৷ ৰাজ্য চৰকাৰে আগন্তুক বিধানসভাৰ অধিবেশনত এখন বিধেয়ক উত্থাপন কৰি সংবাদ গোষ্ঠী সমূহৰ জৰিয়তে বিজ্ঞাপন প্ৰচাৰ কৰি চৰকাৰৰ আঁচনি সমূহ জনগণৰ ওচৰলৈ নিয়াৰ বাবেও চিন্তা চৰ্চা কৰিবৰ বাবে আহ্বান জনায়৷

বৰ্তমান সময়ত অনলাইন ব্যৱস্থাই প্ৰসাৰতা লাভ কৰাৰ সময়ত সৰ্বপ্ৰকাৰৰ লোকে এই মাধ্যমক আকোৱালি লোৱাৰ লগতে সংবাদসমূহো অনলাইন যোগে বিচাৰে আৰু চোৱা আৰম্ভ কৰিছে৷ একপ্ৰকাৰ বাতৰিৰ অনলাইন পাঠক গঢ়ি উঠিছে অসমত। যাৰ বাবে ৰাজ্য-কেন্দ্ৰীয় চৰকাৰে জনগণৰ হিতৰ বাবে ৰূপায়ন কৰা আঁচনি সমূহৰ প্ৰচাৰ ৱেব মিডিয়াৰ দ্বাৰা কৰিলে লাভজনক হোৱাৰ লগতে প্ৰতিগৰাকী লোকৰ ওচৰলৈ যোৱাত সহজ হ’ব বুলি কয় প্ৰতিগৰাকী বক্তাই৷

সভাত উপস্থিত থকা শতাধিক লোকৰ সৰ্বসন্মতি ক্ৰমে এটি নতুন সংগঠনৰ জন্ম দিয়া হয়৷ ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচোছিয়েচন অৱ আসাম’ নামৰ এটি সংগঠন আৰু সভাতে এখন সমিতি গঠন কৰা হয়৷ স্বপ্নীল ভড়ালীক সভাপতি, ৰঞ্জন বৰুৱাক কাৰ্যকৰী সভাপতি, আচিফ ইব্ৰাহিম, বিশ্বজিত নাথক উপ-সভাপতি, মানস ৰয়ক সাধাৰণ সম্পাদক, ওৱাহদৰ ৰহমান, লক্ষী নাথ হীৰা, সংগীতা শইকীয়া, সিদ্ধাৰ্থ মেধি, জয়ন্ত ডেকাক সহযোগী সম্পাদক, মহেশ ডেকাক সাংগঠনিক সম্পাদক, দুৰ্লভ গগৈক প্ৰচাৰ সম্পাদক, নিতুল ডেকাক কোষাধ্যক্ষ আৰু প্ৰতিটো বেৱ গোষ্ঠীৰ পৰা একোগৰাকীকৈ কাৰ্যনিৰ্বাহক সদস্য নিৰ্বাচন কৰা হয়৷

এই সমিতিখনে সততে চৰকাৰক ৱেব মিডিয়াক গুৰুত্ব প্ৰদান কৰাৰ বাবে হেঁচা প্ৰদানৰ লগতে সাংবাদিকৰ অধিকাৰৰ হৈ মাত মাতি যাব৷ আনহাতে সংগঠনটোৰ গুৱাহাটী মহানগৰীত এটি কাৰ্যালয়, এখন সংবিধান প্ৰস্তুত কৰাৰ বাবে তদৰ্থ সমিতি গঠন কৰা হয়৷ ৰাজু দেউৰি, ওৱাহেদৰ ৰহমান, বিশ্বজিৎ নাথ, স্বপ্নীল ভড়ালী, মানস ৰয়, জয়ন্ত ডেকা, ৰঞ্জন বৰুৱাক লৈ সংবিধানৰ খচৰা প্ৰস্তুতৰ বাবে তদৰ্থ সমিতি গঠন কৰা হয়৷