ঢেকীয়াজুলিঃ ১৬ দিনৰ মূৰকত বানাক্ৰান্তৰ খবৰ ল'লে জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই৷ ৰাজ্যৰ বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালৰ কঢ়া নিৰ্দেশৰ পিছতেহে আজি শোণিতপুৰত বান পৰিস্থিতিৰ বুজ ল'লে জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই৷

তেজুপুৰলৈ আহি মন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভাত অংশগ্ৰহণ কৰাৰ পিছতেই মিছামাৰী অঞ্চলৰ জিয়াগাভৰু অঞ্চলত গাভৰু নৈয়ে সৃষ্টি কৰা ভয়াৱহ খহনীয়া প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে গাভৰু নৈৰ খহনীয়াৰ গ্ৰাসৰ পৰা বৃহত্তৰ জীয়াগাভৰু অঞ্চল আৰু বিশেষকৈ ভাৰতৰ দ্বিতীয় বৃহৎ সেনা ছাউনী "মিছামাৰী সেনা ছাউনীক" ৰক্ষা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৩০ কোটি টকা পুজিৰ আঁচনিৰ কাম-কাজৰ বুজ ল’বলৈ মন্ত্ৰীগৰাকী সেই স্থানত উপস্থিত হয়৷

প্ৰৱল বৰষুণৰ মাজতে মন্ত্ৰীগৰাকী অহাৰ সম্ভেদ পাই খহনীয়া সৰ্বস্বান্ত হোৱা অঞ্চলটোৰ লোক সকল সেই স্থানত উপস্থিত হৈ দীৰ্ঘদিন ধৰি নদী খনে সেই অঞ্চলত সৃষ্টি কৰি অহা সমস্যাৰ কথা মন্ত্ৰী গৰাকীক পোনপটীয়াকৈ অৱগত কৰে৷ স্থানীয় ৰাইজে মন্ত্ৰী গৰাকীৰ সন্মুখত বান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰ অভিযন্তাই হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰে৷

আনহাতে সোনাই-ৰূপাই অভয়াৰণ্যৰ কাষেৰে বৈ অহা নদীখনৰ বান্ধনিৰ্মানৰ ক্ষেত্ৰত ৱাইলড লাইভে অভয়াৰণ্যৰ ভিতৰত বান্ধৰ কাম কৰিবলৈ অনুমতি নিদিয়াৰ সন্দৰ্ভত মন্ত্ৰীক অৱগত কৰাৰ লগতে অভয়াৰণ্যখনৰ পশু-পক্ষী আৰু বিস্তৃত বনাঞ্চল ইতিমধ্যে নৈৰ বুকুত জাহ যোৱাৰ কথা অৱগত কৰে৷

এই ক্ষেত্ৰত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক আবেদন-নিবেদন জনোৱাৰ পিছতো মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ আনে একাংশ ৰাইজে ৷ জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে দীৰ্ঘ সময় ধৰি ৰাইজৰ অভযোগ শুনি অচিৰেই আঁচনিখনৰ সফল ৰূপায়ণ কৰা হ’ব বুলি ৰাইজক আশ্বাস দিয়ে ৷

মন্ত্ৰীগৰাকীক তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, বৰছলাৰ বিধায়ক গণেশ লিম্বু বিভাগীয় বিষয়া, অভিযন্তা, ৰাজহ চক্ৰ বিষয়াই সংগ দিয়ে৷ কাষৰীয়া দুটাকৈ সমষ্টিৰ দুজন বিধায়কে মন্ত্ৰীগৰাকীৰ সৈতে ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ বিপৰীতে স্থানীয় বিধায়ক অশোক সিংহল আজি উপস্থিত নথকাত দূৰ্গত ৰাইজে আক্ষেপ প্ৰকাশ কৰে৷