গুৱাহাটীঃ মৰমৰ পুত্ৰৰ মুখ খন চাবলৈ ব্যাকুল হৈ পৰিছে পিতৃ-মাতৃ৷ যোৱা ৪ দিনেই মুখ খন দেখা নাই মৰমৰ পুত্ৰৰ৷

গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ পৰা যোৱা ৪ দিন ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী ১৬ বছৰীয়া কিশোৰৰ পৰিয়ালে কান্দি দিন পাৰ কৰিব লগা হৈছে৷ কলৈ গ’ল তেওলোকৰ সন্তান তাৰ কোনো শুংসুত্ৰ নাই৷ সোমবাৰে টিউচনৰ ফিজ দিম বুলি ওলাই গৈছিল কাহিলিপাৰাৰ দীপজ্যোতি শইকীয়া৷

টিউচনৰ ফিচ দিম বুলি ওলাই যোৱাৰ পিছৰে পৰা আজিলৈ ঘৰলৈ উভতি অহা নাই দীপজ্যোতিয়ে৷ দক্ষিনগাঁও জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ মেধা ছাত্ৰ আছিল দীপজ্যোতি৷