newsnextone.com।ডিজিটেল ডেক্সঃ এম কে ষ্টেলিনক দ্ৰাবিড় মোনেত্ৰ কড়গমৰ নতুন অধ্যক্ষৰ ৰূপত আনুষ্ঠানিকভাৱে নিৰ্বাচন কৰা হয় ৷ মঙলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ দিনাই এই ঘোষণা কৰে৷ অধ্যক্ষ পদত নিযুক্তি হোৱাৰ পূৰ্বে ষ্টালিন ২০১৭ চনৰ জানুৱাৰী মাহৰ পৰা ডিএমকে কাৰ্যকৰী অধ্যক্ষ আছিল৷

ইয়াৰ বাহিৰে দলৰ কোষাধ্যক্ষ আছিল ডিএমকে৷ ৫ বাৰকৈ মুখ্যমন্ত্ৰী পদত নিযুক্তি হোৱা ষ্টালিনৰ পিতৃ কৰুণানিধিৰ এই মাহতেই পৰলোক প্ৰাপ্তি ঘটে৷ এম কৰুণানিধিয়ে বিগত ৪৯ বছৰ ধৰি ডিএমকে অধ্যক্ষ হিচাপে নিযুক্ত আছিল।

২০১৬ বৰ্ষত কৰুণানিধিয়ে ষ্টালিনক নিজৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে৷ তাৰপাছতো কৰুণানিধিয়ে ৰাজনৈতিক ক্ষেত্ৰত নিজৰ মনোবল হেৰুৱাই দিয়া নাছিল৷ উল্লেখ্য যে, ষ্টালিনৰ পূৰ্বৰ নাম আছিল মুথুৱেল কৰুণানিধি ষ্টালিন৷ এম কৰুণানিধিৰ তৃতীয় পুত্ৰ হৈছে ষ্টালিন৷ তেওঁৰ ষ্টালিন নামৰ আঁৰত এক কাহিনী লুকাই থকা বুলি জানিব পৰা গৈছে৷

১৯৫৩ চনত জন্ম লাভ কৰা ষ্টালিনৰ সেই দিনটোতে ছোভিয়েট কমিউনিষ্ট জোচেফ ষ্টালিনৰ মৃত্যু হয়৷ সেই সময়ত কৰুণানিধি এজন প্ৰতিষ্ঠিত নেতা আছিল৷ ষ্টালিনে এখন শোকসভাত সন্মিলিত থকাৰ সময়ছোৱাতে নিজৰ পুত্ৰ হোৱা খবৰ পায়৷ এখন্তেক সময় অপব্যয় নকৰি নিজৰ পুত্ৰৰ নাম ৰাখে ষ্টালিন৷ ৰাজনৈতিক দিশৰ লগত জড়িত থকা নামৰ ব্যক্তি ষ্টালিনে এইবাৰ দায়িত্বভাৰ ল’বলৈ সাজু হৈছে।