anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ চৰকাৰ গঠন আৰু সংখ্যাগৰিষ্ঠতাকলৈ ৰাজনৈতিক যুঁজ চলি থকাৰ মাজতে কংগ্ৰেছৰ বিধায়কক কেন্দ্ৰীয় মন্ত্ৰীয়ে আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে৷ কংগ্ৰেছ আৰু জেডিএছে মিত্ৰজোঁট গঢ়ি ১১৬গৰাকী বিধায়কৰ স্বাক্ষৰ সহ ৰাজ্যপালক পত্ৰ প্ৰদান কৰি চৰকাৰ গঠনৰ বাবে দাবী জনাইছিল যদিও ৰাজ্যপালে ১০৪গৰাকী বিধায়ক থকা বিজেপি দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ লগতে বিজেপিৰ বিধায়িনী দলৰ নেতাক মুখ্যমন্ত্ৰী ৰূপে শপত কৰোৱাই৷ 

তাৰ লগে লগে কংগ্ৰেছ আৰু জেডিএছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু উচ্চতম ন্যায়ালয়ে শনিবাৰৰ ভিতৰত আস্থা ভোট অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ বিজেপি দলক দৰকাৰ ৮টা ভোটৰ মানে ৮ গৰাকী বিধায়কৰ দৰকাৰ কৰ্ণাটকৰ বিধান সভাত সংখ্যাগৰিষ্ঠ দল হ’বলৈ৷ এতিয়া অভিযোগ উত্থাপন হৈছে বিজেপিয়ে কংগ্ৰেছ নতুবা জেডিএছৰ বিধায়কৰ সমৰ্থন লাভ কৰিবলৈ গৈ আছে৷ 

কংগ্ৰেছ জেডিএছে অভিযোগ কৰা মতে তেওঁলোকৰ বিধায়কক ১০০ কোটি পৰ্যন্ত টকাৰ অফাৰ দিয়া হৈছে৷ বিধায়ক ক্ৰয় কৰিবৰ বাবে বিজেপিয়ে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ যাৰ বাবে জেডিএছ আৰু কংগ্ৰেছে নিজ নিজ দলৰ বিধায়কক হোটেলত আৱদ্ধ কৰি ৰাখিব লগা হৈছে৷ কংগ্ৰেছে হায়দৰাবাদৰ হোটেল তাজত নিজ দলৰ বিধায়কক ৰাখিব লগা হৈছে৷ 

বিধায়কৰ সৈতে কংগ্ৰেছৰ নেতাসকলে যোগাযোগ ৰক্ষা কৰি চলাৰ লগতে তেওঁলোকৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমায়াই বিধায়কক লগ ধৰি খবৰ লয় হোটেললৈ গৈ৷ তাৰ মাজতে কংগ্ৰেছ আৰু জেডিএছৰ কিছু সংখ্যাক বিধায়ক নিৰুদ্দেশ বুলি খবৰ আহিছে৷ কংগ্ৰেছে তেওঁলোকৰ এগৰাকী বিধায়কক কেন্দ্ৰীয় মন্ত্ৰীয়ে আৱদ্ধ কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰে৷ আনন্দ সিঙ নামৰ বিধায়কজনক আৱদ্ধ কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰে৷

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে কয় যে আমাৰ হাতত থকা খবৰ মতে, মন্ত্ৰীগৰাকীয়ে তেওঁক ফোন কৰিছিল আৰু লগ ধৰিব যাওঁতে ধৰি ৰাখিছে বুলি কয়৷ ইফালে জেডিএছৰ বিধায়ক জি টি দেৱগৌৰাই কয় যে আমাক ১০০ কোটি নাইবা ২০০ কোটি দিয়ক কিন্তু আমাৰ সকলো বিধায়ক একত্ৰিত৷ দলৰ কোনো বিধায়ক কলৈকে যোৱা নাই৷ কাইলৈ সন্ধিয়া আমি সকলোৱে বাংগালুৰুলৈ যাত্ৰা কৰিম৷ বি এছ য়েদুয়াৰাপ্পাক ৰাজ্যপালে শপত বাক্য কৰোৱাত য়েদুয়াৰাপ্পাক তীব্ৰ আক্ৰমণ কৰে সিদ্দাৰমায়াই৷ য়েদুয়াৰাপ্পাৰ দলত তেওঁক নিজকে ধৰি ১০৪গৰাকী বিধায়ক আছে৷ তেওঁ কয় যে ৰাজ্যপালৰ পৰা ৭ দিনৰ সময় বিচাৰিছিল৷ 

কিন্তু য়েদুয়াৰাপ্পাৰ তালিকাত আন কোনো দলৰ বিধায়কৰ নাম নাই৷ তাৰ পিছতো ৰাজ্যপালে তেওঁক চৰকাৰ গঠন কৰিব মাতিছে এয়া অসাংবিধানিক৷ ইমানে নহয় ৰাজ্যপালে তেওঁক ১৫ দিনৰ সময় দিয়ে৷ ৰাজ্যপালে কংগ্ৰেছৰ বিধায়কক আতৰাব নিবলৈ ১৫ দিনৰ সময় দিছিল৷ আমি ৰাজ্যপালৰ ওচৰত প্ৰথমে গৈছিলো তেওঁ পক্ষপাত কৰিব নালাগিছিল৷