আগৰতলাঃ শুকুৰবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ললে বিপ্লৱ কুমাৰ দেৱে৷ বিপ্লৱ কুমাৰ দেৱক ৰাজ্যপাল তথাগত ৰয়ে শপত বাক্য পাঠ কৰোৱায়৷ ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ ৰাইফলছ মৈদানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত বিপ্লৱ কুমাৰ দেৱক ৰাজ্যপালে তথাগত ৰায়ে শপত বাক্য পাঠ কৰায়৷ আনহাতে বিজেপিৰ নেতা জিষ্ণু দেৱ বৰ্মানে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয়৷
বিজেপি-আইপিএফটি মিত্ৰজোঁটে বিগত সপ্তাহত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত চিপিআইএমক পৰাভূত কৰি আধিপত্য বিস্তাৰ কৰিছিল৷ উত্তৰ-পূবাঞ্চলৰ সৰ্বহাৰাৰ নেতা ৰূপে জনাজাত মাণিক সৰকাৰৰ ২৫ বছৰীয়া দুৰ্গক ধ্বংস কৰি ত্ৰিপুৰাত গেৰুৱা দলৰ পতাকা উৰুৱাই বিজেপিয়ে ইতিহাস ৰচনা কৰে৷
শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ, বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, গৃহমন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাইজক সম্বোধন কৰি শান্তিপূৰ্ণ ভাৱে ভোটদান কৰাৰ বাব ত্ৰিপুৰাৰ জনসাধৰণক ধন্যবাদ জনায়৷
মোডীয়ে শান্তিপূৰ্ণ ভাৱে ভোটদান কৰাৰ আপোনালোকক ধন্যবাদ যাচিছো বুলি কয়৷ মোডীয়ে কয়, মই ২০১৪ চনৰ পিছত বহুবাৰ উত্তৰ পূৰ্বাঞ্চললৈ আহিছো৷ মন্ত্ৰীসকলে আহিছে৷ কেৱল নিৰ্বাচনৰ বাবে আমি উত্তৰ পূৰ্বাঞ্চললৈ অহা নাই৷ ইয়াৰ বহু কাৰণ আছে৷ আপোনালোকৰ কাৰণ সমূহক গুৰুত্ব প্ৰদান কৰা হৈছে৷
উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচনৰ ফলাফলৰ কথা উল্লেখ কৰি মোডীয়ে কয়, এইবাৰৰ নিৰ্বাচনৰ চৰ্চা ইতিহাসে কৰিব৷ এই নিৰ্বাচনক দীৰ্ঘ সময়লৈকে মনত ৰাখিব৷ ইতিহাসে যি সমূহ নিৰ্বাচনৰ আলোচনা কৰিব সেই নিৰ্বাচনৰ আলোচনাৰ মাজত ২০১৮ চনৰ ত্ৰিপুৰা নিৰ্বাচনো থাকিব৷
তাৰ লগে লগে মোডীয়ে আমি সকলোৱে লগ লাগি কাম কৰিব লাগিব বুলি কয়৷ যাৰ জৰিয়তে শীঘ্ৰে পৰিৱৰ্তন দেখা যাব৷ ত্ৰিপুৰাত শীঘ্ৰে পৰিৱৰ্তন দেখা পাব বুলি কৈ এই খন সকলোৰে চৰকাৰ আখ্যা দিয়ে মোডীয়ে৷ যিসকলে ভোট দিছে তেওলোকৰ বাবেও আৰু যিসকলে ভোট দিয়া নাই তেওঁলোকৰ বাবেও এই খন চৰকাৰ৷ ত্ৰিপুৰাত পুনৰ দিপাৱলী পালন কৰা হৈছে৷ মানুহৰ মাজত নতুন উৎসাহ দেখা গৈছে বুলিও কয় মোডীয়ে৷