newsnextone.com | ডিজিটেল ডেস্কঃ টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ কেইবাগৰাকীও দিগ্বজ নেতাক অনুসৰণ কৰি ৰাখিছে। ইয়াৰ ভিতৰত ৰাহুল গান্ধী, শশী থৰুৰ, জ্যোতিৰাদিত্য সিন্ধিয়া, দিগ্বিজয় সিং আদি দিগ্বজ নেতাসকলৰ নামো অন্তৰ্ভূক্ত হৈ আছে। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ টুইটাৰৰ অনুসৰণ তালিকাত বিজেপিৰ বিতৰ্কিত সাংসদ শত্ৰুঘ্ন  সিংহাৰ বাহিৰে আন কোনো বিজেপি নেতাৰ নাম নাই। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামো ৰাহুল গান্ধীৰ অনুসৰণ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পৰা বাদ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰ একাউন্টত মুঠ ১৮৫ জন লোকক অনুসৰণ কৰি ৰাখিছে।

ৰাহুল গান্ধীৰ ১৮৫ জন অনুসৰণকাৰীৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইটাৰ অনুসৰণকাৰীৰ সংখ্যা হৈছে মুঠ ১,৯৪৫ গৰাকী। মোডীৰ অনুসৰণৰ তালিকাত দেশ-বিদেশৰ কেইবাগৰাকীও প্ৰখ্যাত আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ বাহিৰেও মোডীয়ে ১২ গৰাকী কংগ্ৰেছ নেতাক অনুসৰণ কৰি ৰাখিছে।

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰ একাউন্টত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থৰুৰক অনুসৰণ কৰিছে। উল্লেখ্য যে, শশী থৰুৰ টুইটাৰত খুবেই সক্ৰিয় থকাৰ উপৰিও তেওঁ স্পষ্টবাদী হিচাপে জনপ্ৰিয়। কংগ্ৰেছৰ প্ৰভাৱশালী নেতাৰ তালিকাত ৰাহুল গান্ধীৰ পিছতেই শশী থৰুৰৰ নাম লোৱা হয়।

আনহাতে কংগ্ৰেছৰ পথ প্ৰদৰ্শক হিচাৰে পৰিচিত জ্যেষ্ঠ নেতা অহমদ পেটেলকো মোডীয়ে টুইটাৰত অনুসৰণ কৰিছে বুলি এক সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তদুপৰি কংগ্ৰেছৰ প্ৰাক্তন প্ৰভাৱশালী নেতা তথা টুইটাৰত সক্ৰিয় দিগ্বিজয় সিঙৰ নামো মোডীৰ অনুসৰণকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হৈছে। দিগ্বিজয় সিঙে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও তেও বৰ্তমানো মধ্য প্ৰদেশৰ সমন্বয় সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

এই সকল কংগ্ৰেছ নেতাৰ উপৰিও প্ৰধানমন্ত্ৰীৰ অনুসৰণকাৰীৰ তালিকাত কংগ্ৰেছৰ মিডিয়া প্ৰভাৰী ৰণদ্বীপ সুৰজেৱালা, মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰপিএন সিং, প্ৰাক্তন সাংসদ মিলিণ্ড দেৱেড়া, কংগ্ৰেছ প্ৰৱক্তা মনু সিন্ধগী, মহাৰাষ্ট্ৰৰ নেতা পৃথ্বীৰাজ চৌহান আদিও অন্তৰ্ভূক্ত হৈছে।

ইফালে, কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ ১৮৫ গৰাকী অনুসৰণ কাৰীৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, বৰ্ণী চেণ্ডেৰ্ছে, বিল ক্লিন্টন আৰু হিলাৰী ক্লিন্টন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইম্মানুৱেল মৌক্ৰোং আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডু অন্তৰ্ভূক্ত হৈ আছে।

তদুপৰি বিজেপি নেতা শত্ৰুগ্ন সিন্হা, শৰদ পাৱাৰ, অখিলেশ যাদৱ, মমতা বেনাৰ্জী, তেজস্বী যাদৱ, শৰদ যাদৱ, এম কে ষ্টালিনক ৰাহুল গান্ধীয়ে টুইটাৰ একাউন্টত অনুসৰণ কৰি ৰাখিছে।