ডিজিটেল ডেস্কঃ মোডী ধুমুহাত বিধ্বস্ত হ’ল ত্ৰিপুৰাৰ মাণিক সৰকাৰ নেতৃত্বাধীন বামপন্থী চৰকাৰ৷ বিজেপিয়ে আইপিএফটিৰ সৈতে লগ হৈ ত্ৰিপুৰাত ২৫ বছৰে শাসন কৰি থকা বাওঁ মৰ্চাৰ গাদী ওফৰাই নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ বিজেপিয়ে ইয়াৰ পূৰ্বে ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত দুই শতাংশতকৈ কম ভোট লাভ কৰিছিল৷

কোৱা বাহুল্য, ত্ৰিপুৰাত বিজেপি দলৰ পঞ্চায়ত পৰিষদৰ সদস্য এজনো নাছিল৷ কিন্তু কেন্দ্ৰৰ শাসনকাৰী দল বিজেপিয়ে এইবাৰ মাণিক সৰকাৰৰ ২৫ বছৰ শাসনকাৰী দল চিপিআইএমক তচনচ কৰি বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়৷ শণিবাৰে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা উত্তৰ-পূবৰ আন এখন ৰাজ্য হ’ল নাগালেণ্ড৷ নাগালেণ্ডত মিত্ৰজোঁট দল বিজেপি আৰু এনডিপিপিয়ে নিৰ্বাচনত নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় যদিও ৰাজ্যখনত ত্ৰিশংকু বিধানসভা গঠন হয়৷ কিন্তু ভৱিষ্যতৰ চৰকাৰখনত বিজেপি দলৰ অংশগ্ৰহণ নিশ্চিত হৈ পৰিছে৷

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপি দলে জয় লাভ কৰাৰ পিছত ১৫খন ৰাজ্যত এককভাৱে চৰকাৰ গঠন কৰা দল হিচাপে পৰিগণিত হৈছে৷ আনহাতে নাগালেণ্ডত বিজেপিয়ে সহযোগী দলৰ সৈতে চৰকাৰ গঠন কৰিলে ২০খন ৰাজ্যত আৰু মেঘালয়তো যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়  তেন্তে বিজেপি দলে ২১খন ৰাজ্যত আধিপত্য বিস্তাৰ কৰিব৷ উল্লেখ্য যে, ১৯৮৪ চনত গঠিত বিজেপি দলে সেই সময়ছোৱাত দুখন আসনহে লাভ কৰিছিল৷ কিন্তু বিজেপি দলে বৰ সমগ্ৰ দেশতে ৬৭.৮৫ শতাংশ আধিপত্য বিস্তাৰ কৰি আছে৷ আনহাতে কংগ্ৰেছ দলৰ আধিপত্যৰ হাৰ হ’ল ৭.৭৮শতাংশ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ শাসনলৈ অহাৰ পাছত বিজেপি দলে দিল্লী, বিহাৰ আৰু পঞ্জাৱৰ নিৰ্বাচনত পৰাজয়বৰণ কৰিব লগা হৈছিল৷ কিন্তু বিহাৰত দলটোৱে জেদিইউৰ সৈতে লগলাগি চৰকাৰ গঠন কৰে৷ গত বৰ্ষটোত কৰ্ণাটক, চট্টীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ যায়৷ এই ৰাজ্যকেইখনৰ ভিতৰত কৰ্ণাটকক বাদ দি বাকী কেইখনত বিজেপি দলে চৰকাৰ গঠন কৰে৷

কংগ্ৰেছ শাসিত চৰকাৰ বৰ্তমান মিজোৰাম, কৰ্ণাটক, পঞ্জাৱ আৰু পণ্ডিচেৰী- এই চাৰিখন ৰাজ্যতহে আছে৷ আনহাতে অন্য দলে আধিপত্য বিস্তাৰ কৰি থকা ৰাজ্যকেইখন হ’ল কেৰেলা, উৰিষ্যা, তেলেংগানা, পশ্চিম বংগ, তামিলনাডু আৰু দেশৰ ৰাজধানী দিল্লী৷ উল্লেখ্য যে, ৰাজনৈতিক খবৰ ৰখা মহলে নৰেন্দ্ৰ মোডী আৰু বিজেপি দলৰ এই জনপ্ৰিয়তা অটুত থাকিলে অহা ১০ বছৰত ভাৰতবৰ্ষৰ ৰাজনীতি বিৰোধীবিহীন হ’ব নেকি তাক লৈও চিন্তা-চৰ্চা আৰম্ভ হৈছে৷