ডিজিটেল ডেস্কঃ কথাত কটা যায়, কথাত বঁটা পায় বুলি এষাৰ কথা আছে। কিন্তু আজিৰ ইণ্টাৰনেটৰ যুগত কথাত পাক লাগিলে সেয়া বনজুইৰ দৰে বিয়পি পৰে। সেয়ে সংবাদ মাধ্যমৰ আগত কথা কওতে খুবেই সতৰ্ক হোৱাৰ পৰামৰ্শ দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
শেহতীয়াকৈ ভালেকেইজন বিজেপি নেতা-মন্ত্ৰীয়ে সংবাদমাধ্যমৰ আগত বিতৰ্কিত আৰু দায়িত্বজ্ঞানহীন মন্তব্য কৰি দলটোক একপ্ৰকাৰ হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে। তদুপৰি কেতবোৰ মন্তব্যৰ বাবে বিজেপি দলটো জনতাৰ ওচৰত হেয় প্ৰতিপন্নও হৈছে। তাৰ বাবে দলৰ মন্ত্ৰী-বিধায়কক সচেতন হৈ মন্তব্য কৰাৰ বাবে দেওবাৰৰ এক বৈঠকত পৰামৰ্শ দিয়ে মোডীয়ে।
সংবাদমাধ্যমক দোষ দি লাভ নাই। সংবাদমাধ্যমে নিজৰ কাম কৰি আছে। আমাৰ নেতা-মন্ত্ৰীসকলেই এনেধৰণৰ কথা কয় যে তাতেই সাংবাদিকে ৰগৰ বা বিতৰ্কিত কথা লিখাৰ সমল লাভ কৰে। এনেদৰে বিদেশৰ পৰা উভতি আহি দেওবাৰে মোডীয়ে বৈঠক পাতি সকলোকে মন্ত্ৰণা দিয়ে।
মানুহৰ বাক্ স্বাধীনতা থকাৰ স্বতেও কথা কওঁতে সংযম ৰখাটো উচিত বুলি কয় মোডীয়ে৷ সংবেদনশীল বিষয়সমূহৰ ওপৰত দায়িত্বহীন মন্তব্যই জনমানসত দলটোৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি পেলাব পাৰে৷ সেয়ে সকলোকে এনেবোৰ বিষয়ত সাবধান হ’বলৈ কয় মোডীয়ে।
কেমেৰাৰ সন্মুখত নিজৰ মত প্ৰদান কৰোতে ঘটনাৰ আৰঁত থকা মূল বিষয়টো লুকাই পৰে৷ মূল কথাৰ পৰা ফালৰি কাটিলেই আকৌ সি বিতৰ্কিত হৈ পিছত দলৰ বাবেই লজ্জাজনক অৱস্থা এটা পাব পাৰে। এনেদৰে মোডীয়ে নিজৰ দলকেই দোষাৰোপ কৰে৷